Breaking

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুই পাইলট…

0 70

অৰুণাচল প্ৰদেশত সংঘটিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই পাইলট।

ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ ব’মডিলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন।

অপাৰেশ্যনেল ছৰ্টী উৰণৰ সময়ত পুৱা প্ৰায় ৯.১৫ বজাত হেলিকপ্টাৰখনে এটিচিৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।এ টি চিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পিছতে দুৰ্ঘটনাৰ আশংকা কৰা হৈছিল৷

সেনাই জনোৱা মতে, বমডিলাৰ পশ্চিমৰ মাণ্ডলাৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ পিছত দুয়োগৰাকী পাইলটৰ সন্ধানত অভিযান চলায় বায়ু সেনা, আৰক্ষী আৰু এছএছবিয়ে।

দীৰ্ঘসময় ধৰি চলোৱা অভিযানৰ অন্তত মাণ্ডলাৰ পূব ভিলেজ বাংলাজাপৰ ওচৰত উদ্ধাৰ হয় হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ।

সেনাই দুয়োগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে দৃঢ়তাৰে থিয় দিছে বুলি প্ৰকাশ কৰে।

সেনাই ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

Leave A Reply