Breaking

ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰিত শোকাবহ পথ দুৰ্ঘটনাত দুজন লোক নিহত

0 1,227

ঢেকীয়াজুলি, ২৬ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত  গেজেঙ্গাগুৰিত শোকাবহ দুৰ্ঘটনাত দুজন লোক নিহত হোৱা ঘটনাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে নিশা ৮-৩০ মান বজাত ওদালগুৰি জিলাৰ ওৰাঙৰ দিশৰ পৰা ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰি অভিমুখে আহি থকা এখন (টমটম) ই-ৰিক্সা আৰু বিপৰীত দিশৰ পৰা তীব্ৰবেগত আহি থকা এখন  AS 01 8545  নম্বৰৰ 709 ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাত ই-ৰিক্সা আৰোহী ৰিপুঞ্জয় শৰ্মা আৰু ব্ৰজেন শৰ্মা নামৰ লোক দুজন থিতাতে নিহত হোৱাৰ লগতে ই-ৰিক্সাখনৰ চালকজনৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ নিহত  দুয়ো সম্বন্ধত ভিনিহীয়েক খুলশালি আছিল ৷ নিহত ৰিপুঞ্জয় শৰ্মা নামৰ লোকজন দুৰ্ঘটনাত নিহত ব্ৰজেন শৰ্মাৰ সম্বন্ধত ভিনীহিয়েক আছিল ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে ঢেকীয়াজুলিৰ যানবাহন আৰক্ষীয়ে ৷ নিহত ৰিপুঞ্জয় শৰ্মা গেজেঙ্গাগুৰিৰ শ্বহীদ দ্বীজেন ভূঁঞা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণতি শৰ্মাৰ স্বামী আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই দুৰ্ঘটনাটোত নিহত লোকদুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা সৰৱৰহী লোক দুজনৰ মৃত্যুত ঢেকীয়াজুলি আৰু গেজেঙ্গাগুৰিৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগত মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Leave A Reply