Breaking

উগ্ৰপন্থী সংগঠন ENNGৰ দুই সদস্যক আটক

0 86

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ ১২ নং অসম ৰাইফলছৰ দ্বাৰা “ইষ্টাৰ্ণ নাগা নেচনেল গভৰ্মেণ্ট” চমুকৈ ENNG নামৰ উগ্ৰপন্থী সংগঠনৰ দুই সদস্যক আটক।

আটক কৰা দুই সদস্য ক্ৰমে লেফটেনেন্ট টাঞ্চিং লাংচিং আৰু মেজৰ নানো তামাং।

সদস্য দুজনক আটক কৰাৰ সময়ত দুটা পিষ্টল আৰু পিষ্টলৰ এটা খালি মেগজিন উদ্ধাৰ কৰা হৈছে। আজি সেনাবাহিনীয়ে সদস্য দুজনক বৰডুমচা আৰক্ষীক অৰ্পণ কৰে।

দুয়োজন সদস্যই অৰুণাচলৰ লুংপাং নামে ঠাইত প্ৰশিক্ষণ লৈছিল। ইয়াৰে টাঞ্চিং লাংচিংৰ ঘৰ খাৰচাঙৰ নালাং নামে ঠাইত আৰু নানু তামাঙৰ ঘৰ খাৰচাঙৰ ইঞ্জান গাঁৱত বুলি জানিব পৰা গৈছে।

Leave A Reply