Breaking

গহপুৰৰ দুই কণমানিৰ অপহৰণৰ ঘটনা দিনে সন্ধান নাই ভাতৃ-ভগ্নীৰ উদ্ধাৰৰ বাবে তীব্ৰ অভিযান গহপুৰ আৰক্ষীৰ

0 2,065

দুই কণমানি।নাম নেহা খাৰীয়া (বয়স-১০) আৰু সুভাষ খাৰীয়া (বয়স-৫)।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰ নগৰৰ ৬ নং ৱাৰ্ড (গোট বজাৰ) নিবাসী দিন হাজিৰা কৰা শ্ৰমিক বিকি খাৰীয়া(২৪)ৰ সন্তান তেওঁলোক।কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে দৰিদ্ৰ পৰিয়ালটোৰ উক্ত দুই কণমানি যোৱা ৯ মে’ৰ পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা অপহৃত হোৱাৰ পিছৰ পৰা আজিলৈকে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই তেওঁৰ পিতৃ আৰু পৰিয়ালৰ লোকে।অৱশ্যে ক’ভিড মহামাৰীৰ এই ভয়াবহতাৰ মাজত কণমানি দুটিক সোশৰীৰে উদ্ধাৰ কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে গহপুৰ আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ এটা অভিযানকাৰী দলে।উল্লেখযোগ্য যে,বিকি খাৰীয়া নামৰ শ্ৰমিক জন পৰিয়াল সহ গোট বজাৰ নিবাসী বুনি গোড় নামৰ মহিলাগৰাকীৰ ঘৰত ভাৰতীয়া হিচাপে থাকে।এনেদৰে যোৱা প্ৰায় তিনি মাহৰ পৰা ভাৰতীয়া হিচাপে থকাৰ পিছত অকলশৰীয়া বুনি গোড়ৰ লগত বিকি খাৰীয়াৰ পৰিয়ালটোৰ আন্তৰিক সম্পৰ্ক গঢ়ি উঠে।আৰু বিকি দিন হাজিৰা কৰিবলৈ ওলাই গ’লে মাতৃহাৰা উক্ত দুই কণমানিয়ে বুনি গোড়ৰ লগতে সময় অতিবাহিত কৰে।আনদিনাৰ দৰে যোৱা ৯ মে’ৰ পুৱা বিকি খাৰীয়া কামলৈ ওলাই যোৱাৰ সময়ত বুনি গোড়ৰ ওচৰত থৈ গৈছিল তেওঁৰ দুই সন্তান নেহা আৰু সুভাষক।সন্ধিয়া কামৰ পৰা আহি ঘৰৰ মালিকনী বুনি গোড়ৰ লগতে তেওঁৰ দুই সন্তানক ঘৰত নেদেখি বিকি খাৰীয়াই প্ৰথমে ওচৰে পাজৰে বিচাৰ-খোচাৰ কৰে যদিও তেওঁলোকৰ কোনো সন্ধান নাপালে।পিছদিনাৰ পৰা কেইবাদিনো তেওঁ সাম্ভাব্য স্থান সমূহত তেওঁলোকৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে।ইপিনে ঘৰৰ মালিকনী বুনী গোড়ৰ ৯৭০৬৭২৩২১০ নম্বৰৰ মবাইল ফোনটো  ৯ মে’ৰ পৰাই ছুইচ অফ হৈ পৰাত সমগ্ৰ বিষয়টো ৰহস্যজনক হৈ পৰাৰ লগতে দুই কণমানি নেহা আৰু সুভাষক বুনী গোড়ে অপহৰণ কৰি লৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে বিকি খাৰীয়াৰ লগতে স্থানীয় ৰাইজে।যাৰ বাবে ঘটনাৰ সমস্ত কাহিনী বৰ্ণনা কৰি যোৱা ১৬ মে’ত গহপুৰ আৰক্ষী থানাত অপহৰণ সংক্ৰান্তীয় এখন এজাহাৰ দাখিল কৰে বিকি খাৰীয়াই।উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধীৰ ৩৬৩ ধাৰাৰ অধীনত ১২৮/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি গহপুৰ আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথৰ নেতৃত্বত অপহৃত দুই কণমানি নেহা আৰু সুভাষক সোশৰীৰে উদ্ধাৰ কৰা আৰু অপহৰণকাৰী বুনী গোড়ক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।দিন-ৰাতি একাকাৰ কৰি চলোৱা  আৰক্ষীৰ এই অভিযানত বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই যদিও এইক্ষেত্ৰত আৰক্ষীয়ে তেওঁলোকৰ অভিযানত অকণো ক্ৰুটি ৰখা নাই। কোনো সদাশয় লোকে এইক্ষেত্ৰত কিবা খবৰ পালে গহপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply