Breaking

চোৰাংচোৱাগিৰি কৰা পাকিস্তানৰ ২ ভিছা বিষয়াক দিল্লীত ধৃত ।

0 55

দৈনন্দিন বাতা নিজা প্ৰতিবেদন:

ভিছা বিষয়াৰ আলম লৈ চোৰাংচোৱাগিৰি কৰি আহিছে পাকিস্তানী লোকে৷ পূৰ্বতে পোৱা খবৰ মতেই তীক্ষ্ণ দৃষ্টি দি আছিল দিল্লী আৰক্ষীৰ বিশেষ কোষৰ বিষয়া৷ অৱশেষত মিলিল সফলতা৷ ধৰা পৰিল দিল্লীত অৱস্থিত পাকিস্তানী দূতাবাসৰ দুজন বিষয়া৷ এই বিষয়া দুজনৰ নাম হ’ল আবিদ হুছেইন আৰু তাহিৰ খান৷ এই কামত জড়িত থকাৰ অভিযোগ আন এক পাকিস্তানী নাগৰিক৷ জাভেদ হুছেইন নামৰ এই লোকজনকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ধৃতসকলক জেৰা কৰি এই চক্ৰত আন কোন জড়িত আছে সেয়া জানিবলৈ চেষ্টা কৰা হৈছে৷ আনহাতে ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ দুই ভিছা বিষয়াক ভাৰত এৰিবলৈ কোৱা হৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা গক বিবৃতিত জনোৱা হৈছে যে এক কূটনৈতিক মিছনৰ সদস্য হিচাপে নিযুক্ত থকাৰ পাছত নিজৰ দায়িত্বৰ সৈতে অসামঞ্জস্যপূর্ণ কর্মকাণ্ডত লিপ্ত আছিল এই দুই বিষয়া৷ তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোক অনাস্থাভাজন দূত ঘোষণা কৰি ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ কোৱা হৈছে৷ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ তীব্ৰ প্ৰতিবাদ পাকিস্তান দূতাবাসৰ দায়িত্বত থকা বিষয়াক এই অভিযোগত অভিযুক্ত কৰা হৈছে৷ স্পষ্ট ভাষাত জানিবলৈ দিয়া হৈছে যে আগন্তুক দিনত পাকিস্তান দূতাবাসৰ বিষয়া বা কৰ্মীয়ে যেন নিজৰ কূটনৈতিক কামৰ পৰিৱৰ্তে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কামত জড়িত নাথাকে৷ এই কথা নিশ্চিত কৰা হ’ব৷ প্ৰাপ্ত খবৰ মতে আবিদ হুছেইন আৰু তাহিৰ খান নামৰ পাকিস্তান দূতাবাসৰ এই দুই বিষয়াৰ নাম ভিছা দিয়া কামত জড়িত আছিল৷ ইয়াৰ আলমতে তেওঁলোকে আইএছআইৰ হৈ কাম কৰি আছে৷ জাল কাগজপত্ৰ দেখুৱাই বিভিন্ন ঠাইত ঘুৰে৷ দেওবাৰে পুৱা দিল্লীৰ কৰোল বাগ এলেকাৰ এজন ব্যক্তিক দেখা কৰিবলৈ গৈছিল৷ তাত যিজন ব্যক্তিক লগ কৰিছিল তেওঁ ভাৰতীয় সেনা সংক্ৰান্তত কেতবোৰ নথিপত্ৰ দিওতে দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁলোকক গ্ৰেপ্তাৰ কৰে৷ তাতে ধৰা পৰে সেই ঠাইত থকা পাকিস্তানী নাগৰিক জাভেদ৷ ধৰা পৰাৰ সময়ত জাল আধাৰ কাৰ্ড দেখুৱাই নিজকে তেওঁ ভাৰতীয় বুলি দাবী কৰিছিল৷ কিন্তু শেষ ৰক্ষা নহ’ল৷ দীৰ্ঘ সময় জেৰাৰ পাছত নিজৰ পৰিচয় স্বীকাৰ কৰে৷

Leave A Reply