হৃদয়ৰ অনুভৱ আৰু নিভৃত মৰিশালি নামৰ দুখন কাব্য গ্ৰন্থ উন্মোচন

অসমৰ সাহিত্য আৰু উন্নয়নৰ হকে কাম কৰি অহা “উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলন ” অসম, তাৰে স্বীকৃতি প্ৰাপ্ত লাহৰীঘাট শাখাৰ সৌজন্যত আজি মৰিগাঁও জিলাৰ লাহৰীঘাট ইকৰা একচেলেঞ্চ একাডেমিত দুখন গ্ৰন্থ উন্মোচন আৰু ৫ গৰাকী সদ্যহতে  ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা, অসম জ্ঞান ৰত্ন বঁটা প্ৰাপ্ত বিশেষ ব্যক্তি সকলক সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটিত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ধোৱাঙখাইতী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছেইনৰ স্বৰচিত  “হৃদয়ৰ অনুভৱ” আৰু অসম আৰক্ষী দ্বীপ জ্যোতি বৰদলৈৰ স্বৰচিত  “নিভৃত মৰিশালি” নামৰ কাব্য গ্ৰন্থ দুখন উন্মোচন কৰা হয়। গ্ৰন্থ দুটি উন্মোচন কৰে ক্ৰমে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও   জিলা সম্পাদিকা তথা কবি, সাহিত্যিক আৰু লেখক ৰশ্মি ৰেখা কাশ্যপ আৰু  ঢেকিয়াজুলিৰ সাহিত্যিক লেখক কবীন্দ্র কুমাৰ দাস দেৱে। একেই অনুষ্ঠানতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা প্ৰধান শিক্ষক মকবুল হুছেইন, ২০২০ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা ২ নং টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলাম, বিশিষ্ট সমাজ সেৱকৰ বঁটা লাভ কৰা হিন্দি শিক্ষক কমৰুল হুছেইন চৌধুৰী , শিক্ষা সৌৰভ বঁটা লাভ কৰা লাহৰীঘাট উচ্চতর মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক   পূৰ্ণ কান্ত বসুমতাৰী   আৰু  লাহৰীঘাটৰ পৰা সমাজ সেৱাৰ ক্ষেত্ৰত ২০২১ বৰ্ষৰ   অসম জ্ঞান ৰত্ন বঁটা লাভ কৰা ছফিকুল ইছলামক লই ৫ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা জনোৱা ব্যক্তি সকলক এখনকৈ সম্বৰ্দ্ধনা পত্র, ফুলাম গামোচা আৰু  জাপি প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে সাংস্কৃতিক সন্মিলনৰ সম্পাদক হেমচন্দ্র বৰ্মন,  আমন্ত্রিত অতিথি  তেজপুৰ জিলা সমিতিৰ   অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ  উপদেষ্টা জয়ন্ত শৰ্মা, তেজপুৰ জিলা আদালতৰ অধিবক্তা দ্বীপক কলিতাৰ  লগতে ইকৰা একচেলেঞ্চ একাডেমিৰ  ভাৰপ্ৰাপ্ত অধ্যক্ষ জান্নাতুল ফেৰদৌছো উপস্থিত আছিল। অনুষ্ঠানটি পৰিচালনা কৰে লাহৰীঘাট শাখা কমিটিৰ সম্পাদক তথা কবি সাহিত্যিক ৰেকিবুল আজাদে। এই গাম্ভীর্য পূর্ণ অনুষ্ঠানটিত একাডেমিৰ শিক্ষক গোট, ছাত্র ছাত্রী, সাহিত্য সন্মিলনৰ কৰ্ম কৰ্তা আৰু সচেতন নাগৰিকৰ উপস্থিতিয়ে সৌষ্ঠব বৃদ্ধি কৰে। 

Related Articles