Breaking

বিজুলীবন আৰক্ষী চকীত উদণ্ড যুৱকৰ প্ৰহাৰত দুগৰাকী কনিষ্ঠবল আহত

0 2,028

যোৱা ০৩ জানুৱাৰীৰ আবেলি তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অধীনস্থ তথা ফিল’বাৰীৰ বিজুলীবন আৰক্ষী চকীত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণ অনুসৰি বিজুলীবন গাঁও পঞ্চায়তৰ অধীনৰ মইলাপুঙ গাঁৱৰ  অনন্ত দাং (ঐৰাম) নামৰ লোকজনে নিচাসক্ত অৱস্থাত ব্যক্তিগত বাহনেৰে বিজুলীবন আৰক্ষী চকীৰ সন্মুখৰ  ফিল’বাৰী পেঙেৰী ঘাইপথৰ কাষত স্থাপন কৰা  আৰক্ষী চকীৰ সুৰক্ষাৰ বেৰিকেত ভাঙে আৰু আৰক্ষী চকী খনত কৰ্তব্যৰত   দুগৰাকী   আৰক্ষী  জোৱানক প্ৰহাৰ কৰে। আৰক্ষীক শাৰীৰিক ভাৱে অপদস্থ কৰিয়েই ক্ষান্ত নাথাকি নিচাসক্ত উদণ্ড অনন্ত দাঙে অশ্লীল ভাষাৰে গালি বর্ষণ কৰাৰ উপৰিও কৰ্তব্যৰত আৰক্ষী জোৱান দুজনক প্ৰাণে  মৰাৰ ভাবুকি প্ৰদানৰ   অভিযোগ কৰিছে বিজুলীবন আৰক্ষী চকীৰ আৰক্ষীয়ে। চকীখনৰ ভাৰপ্ৰাপ্ত কৰ্মীয়ে এই সন্দৰ্ভত তৎক্ষনাত পেঙেৰী আৰক্ষী থানাৰ বিষয়া  শ্ৰীকুমাৰ নেওগক ফোনযোগে অভিযোগ কৰাত   আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সমগ্ৰ ঘটনাৰাজী চৰজমিন তদন্ত আৰম্ভ কৰিছে । ইফালে , দীৰ্ঘদিনৰ পৰা অনন্ত দাঙে কানি , অৰুণাচলী মদ, চুলাই আদিৰ ব্যৱসায় চলাই থকাৰ অভিযোগ  ব্যক্ত কৰিছে বিজুলীবন  আৰক্ষীয়ে। আৰক্ষীৰ অভিযোগ অনুসৰি,  অনন্ত দাং নামৰ উদণ্ড লোকজনে  এ-এচ ২৩ এন ৫৭০৫ পঞ্জীয়ন নম্বৰৰ ব্যক্তিগত  বাহনখনত  অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা কঢ়িয়াই আনিছিল।  কৰ্তব্যৰত আৰক্ষীয়ে সেই বাহন  খনত তালাচী চলাবলৈ বিচৰাত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, এই ঘটনা সংঘটিত কৰিয়েই অবৈধ মাদক দ্ৰৱ্য বেপাৰীটোৱে পলায়ন কৰে।   আৰক্ষী সূত্ৰ অনুসৰি, এই ঘটনাত অশোক ডেকা আৰু উদিপ নাথ  নামৰ দুজন আৰক্ষী জোৱান আহত হৈছে। ইতিমধ্যে আহত দুয়োগৰাকী আৰক্ষীক  ফিল’বাৰী আদৰ্শ চিকিৎসালয়ত  স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।  খবৰ অনুসৰি আহত দুয়ো  আৰক্ষীয়ে  ঘটনাৰ সংক্ৰান্তত পেঙেৰী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত  ১/২০২১ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।  আৰক্ষীয়ে  অনন্ত দাঙৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখাৰ সময়লৈকে কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। আৰক্ষী আৰু অবৈধ মদ, কানীৰ ব্যৱসায়ীৰ  মাজৰ  মুুকলি সংঘাতৰ খবৰে সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave A Reply