মৰিগাঁৱৰ জালুগুটিত দুটা পিষ্টল সহ পাঁচ জাই গুলি সহ গ্ৰেপ্তাৰ দুজন ডকাইত

যোৱা কালি নগাঁৱৰ কচুৱা দুজন ডকাইতে মৰিগাঁৱৰ জালুগুটিত ডকাইতি কৰিব আহিছিল।মৰিগাঁৱৰ জালুগুটিত এঘৰ মানুহৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আবেলিৰ পৰা খাপপিতি আছিল জালুগুটিত। মৰিগাঁৱৰ আৰক্ষীয়ে গোপন সূত্ৰে গম পাই ঘটনাস্থলীত উপস্থিত হৈ ডকাইত দুজনক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়।ডকাইত দুজন ক্ৰমে মুস্তাফা আহমেদ আৰু দিলদাৰ হুচেইন।আৰক্ষীয়ে জালুগুটিত  গ্ৰেপ্তাৰ কৰা ডকাইত দুজনৰ পৰা  দুটা পিষ্টল সহ পাঁচ জাই গুলি উদ্ধাৰ কৰে।

Related Articles