Breaking

NEET পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী ছাত্র ছাত্ৰীক সম্বৰ্ধনা

0 530

চৰ চাপৰিৰ কথা শুনিলেই চুৰ ডকাইতি, হত্যা-হিংসাৰে জৰ্জৰিত অঞ্চল বুলি সকলোৰে মন সেমেকাই তোলে । ভয়ত আতংকিত কৰি তোলে সকলোকে। কিন্তু আমি দিবলৈ ওলাইছো সংখ্যালঘু বসতি প্ৰধান চৰাঞ্চলৰ এটি ভাল খবৰ। তেনে এটা অঞ্চলৰ পৰা NEET পৰীক্ষাত উত্তীৰ্ণ হল এগৰাকী ছাত্র। ছাত্র জনৰ উত্তীৰ্ণই গৌৰাম্বিত কৰিছে চৰাঞ্চলৰ ৰাইজক । দৰঙৰ মাগুৰমাৰী চাপৰিৰ আব্দুল মজিদৰ সু সন্তান নুৰ আমিনে NEET পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলখনলৈ ।

চৰ -চাপৰিৰ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী ছাত্র ছাত্ৰীক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনায় স্থানীয় ৰাইজে। NEET পৰীক্ষাত উত্তীৰ্ণ হোৱা নুৰ আমিন আৰু থেকেৰাবাৰী গাঁৱৰ ইয়াছমিন নেৱাজক ফুলাম গামোচা, জাপি আৰু একোখনকৈ মান পত্ৰৰে সম্বৰ্ধনা জনায় চৰ চাপৰিৰ ৰাইজে। ধূলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মইনুল হকৰ সভাপতিত্ব কৰা অনুষ্ঠানত NORTH-EAST HILLS UNIVERSITY শ্বিলঙৰ প্ৰবক্তা ড৹ ইফতিকাৰ হুছেইন, আমছুৰ উপদেষ্টা আইনুদ্দীন আহমেদে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰনামূলক বক্তব্য আগবঢ়ায়।

খাৰুপেটীয়াৰ পৰা আবুল হাছেমৰ প্ৰতিবেদন

Leave A Reply