Breaking

বঙাইগাঁৱত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক

0 2,059

বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ জানিব পৰা মতে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা আৰু নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীসহ আৰক্ষীৰ এটা দলে প্ৰথমে বঙাইগাঁও জিলাৰ আই নদীৰ সমীপৰ চৌৰাগুৰিৰ পৰা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীজন গেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত গৰাইমাৰীৰ ছাদ্দাম হুছেইন(২৫) ৷ ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ধপাতৰ পেকেটত লুকাই ৰখা ১৩ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ আৰু এখন স্কুটী জব্দ কৰে ৷ পিছত আৰক্ষীয়ে ধৃত ছাদাম হুছেইনৰ তথ্যৰ ভিত্তিত গৰাইমাৰী গাঁৱৰে ছাহিদুৰ আলী (৩৫) ৰ গৃহত অভিযান চলাই ছাহিদুৰ আলীক আটক কৰে ৷ আৰক্ষীয়ে অভিযান কালত ছাহিদুৰ আলীৰ গৃহৰ পৰা হেৰ’ইনসহ ৬ টা কণ্টেইনাৰ উদ্ধাৰ কৰি জব্দ কৰে ৷ আৰক্ষীয়ে দুয়োজনৰ পৰা জব্দ কৰা ১৯ টা কণ্টেইনাৰত মুঠ ২৩ গ্ৰাম হেৰ’ইন আছিল ৷ আৰক্ষীয়ে ড্ৰাগছৰ লগতে দুট মোবাইল হেণ্ডচেটো জব্দ কৰে ৷ উল্লেখ্য যে ছাদ্দাম হুছেইনে  ছাহিদুৰ আলীৰ পৰা ড্ৰাগছ ক্ৰয় কৰি ব্যৱসায় চলাই আহিছিল ৷ 

Leave A Reply