Breaking

ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজত আমিনগাঁৱত কৰুণ ঘটনা, দুই কিশোৰ এগৰাকী কিশোৰীৰ লুইতৰ সলিল সমাধি

0 101

শনিবাৰে ৰঙালী বিহু উৎসাহ উদ্দীপনাৰ মাজত উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত মেদিপাৰা অঞ্চলত এক কৰুণ ঘটনা সংঘটিত হয়। স্থানীয় দুজন কিশোৰ আৰু এজনী কিশোৰীয়ে লুইতৰ পানীত গা ধুবলৈ গৈছিল।

তাৰ কিছু মূহুৰ্তৰ পিছত তিনি কিশোৰী লুইতৰ পানীত সম্পূৰ্ণ ডুব গৈ অন্তৰ্ধান হৈ পৰে। লগে লগে তৎপৰতাত তিনি কিশোৰীক লুইতৰ পৰা উদ্ধাৰ কৰে। লগে লগে ৰাইজৰ সহযোগত তিনি কিশোৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৰ্মান্তিক ভাৱে চিকিৎসালয়ত তিনি কিশোৰীৰ মৃত্যুক সাৱতি ল’ব লগা হয়।

ৰাইজৰ অভিযোগ মতে জে চি বি বোৰে অবৈধ ভাবে নিজ খেয়ালসূচী মতে য’তে ত’তে নৈৰ বালি খন্দন কৰাৰ ফলত সেই গাতত সোমাই গৈ তিনি কিশোৰীৰ মৰ্মান্তিক ভাবে মৃত্যু হ’ব লগা হৈছে।

এই তিনি কিশোৰীৰ মৰ্মান্তিক মৃত্যুত উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ আমিনগাঁৱত শোকৰ ছাঁ পৰে। উল্লেখযোগ্য কিশোৰ দুজন আমিনগাঁও বেংগলী স্কুলৰ ছাত্ৰ অন্ন হালদাৰ আৰু জিতু দাস। কিশোৰী গৰাকী উত্তৰ গুৱাহাটী ছেন্ট এন্থনী স্কুলৰ অষ্টম শ্ৰেণীৰ অম্বিকা সৰকাৰ বুলি জানিব পৰা গৈছে।

Leave A Reply