Breaking

ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গজালিত সংঘটিত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ছিপাঝাৰৰ দুজন টেলিকম বিভাগৰ কৰ্মচাৰী

0 2,028

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গজালীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এই দুৰ্ঘটনাটোত  দুজন লোক গুৰুতৰ ভাৱে আহত হৈছে। এখন ইটা কঢ়িয়াই নিয়া এ এচ ০৪ এচি  ৯৩৬০ নম্বৰৰ এখন বলেৰ’ পিক আপ আৰু  এ এচ ০৭ কে ১৩৩৩ নম্বৰৰ এখন মাৰুটি ভানৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ ফলত সূদুৰ ছিপাঝাৰৰ দুজন টেলিকম বিভাগৰ কৰ্মচাৰী মহমদ্দ হোচেইন আৰু চাহিদুল আলম কম বেছি পৰিমানে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

Leave A Reply