Breaking

আমিনগাঁৱৰ ডালদাত ভয়াৱহ পথ দুৰ্ঘটনাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ সংঘৰ্ষ…

0 12

আমিনগাঁৱৰ ডালদাত ভয়াৱহ পথ দুৰ্ঘটনা ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ সংঘৰ্ষ ।

সংঘৰ্ষৰ পাছতে দাউদাউকৈ জ্বলি উঠিল দুয়োখন ট্ৰাক ।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত ৰঙিয়া অভিমুখী গোম ভৰ্তী AS 01 NC 9355 নম্বৰ ট্ৰাকখন ।

CG 04 PP 1905 নম্বৰৰ আনখন ট্ৰাকৰ কেবিনটো ভস্মীভূত হয় ।

এই অগ্নিকাণ্ডৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দুই তিনিখন দোকানটো অগ্নি সংযোগ হয় ।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনকৈ বাহনেৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা ।

বৰ্তমানলৈকে জুই নিৰ্বাপন কৰাৰ অপ্ৰান চেষ্টা চলাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে ।

কথমপি প্ৰান ৰক্ষা পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ লোক ।

অগ্নিকাণ্ডৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজটৰ সৃষ্টি হৈছে ।

Leave A Reply