Breaking

যাত্ৰীৰ সুবিধাৰ বাবে অসমৰ পৰা বহিঃ ৰাজ্যলৈ দুখন সাপ্তাহিক ৰেল

0 2,051

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো যাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত অন্তৰ্ভূক্ত ৰাজ্য কেইখনৰ পৰা অহা ২১ মে’ৰ পৰা সাতখনকৈ বিশেষ সাপ্তাহিক ৰেল চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত দুখন বিশেষ সাপ্তাহিক ৰেল অসমৰ দুটা ৰেল ষ্টেচনৰ পৰা  চলাচল কৰিব । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে  অসমৰ পৰা চলাচল কৰিবলগীয়া ৰেল দুখন হল ক্ৰমে  ০৫৬১৯/৫৬২০ কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক  এক্সপ্ৰেছ আৰু ০৩১৮১/৩১৮২ কলকাতা – শিলঘাট  টাউন – কলকাতা বিশেষ সাপ্তাহিক এক্সপ্ৰেছ । ইয়াৰ ভিতৰত কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক ৰেলখন অহা ২১ জুনৰ পৰা সপ্তাহৰ  প্ৰতি সোমবাৰে পুৱা ৬.৩০ বজাত কামাখ্যা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা পুৱা ৫.২৯ বজাত গৈ গয়া ষ্টেচন পাব । তেনেদৰে ২২ জুনৰ পৰা  সপ্তাহৰ প্ৰতি মঙলবাৰে বিশেষ সাপ্তাহিক ৰেলখন  দুপৰীয়া  ১২.৫৫ বজাত গয়া ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা দুপৰীয়া ১২.৩০ বজাত আহি কামাখ্যা ষ্টেচন পাব । আনহাতে কলকাতা – শিলঘাট – কলকাতা বিশেষ সাপ্তাহিক ৰেলখন ২১ জুনৰ পৰা প্ৰতি সপ্তাহৰ   সোমবাৰে  কলকাতা আৰু ২২ জুনৰ পৰা  প্ৰতি সপ্তাহৰ মঙলবাৰে শিলঘাট ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব । আনহাতে দুয়োখন ৰেলৰে   যাত্ৰাকালত ৰাখিব লগীয়া ষ্টেচন , সময়সূচি  আদিৰ বিতং তথ্য ৰেলৱেৰ  ৱেবচাইটত আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন চ’ছিয়েল  মিডিয়াত উপলব্ধ হব বুলি মুখ্য  জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰি কৰিছে ।

Leave A Reply