ৰেলযাত্ৰীলৈ সুবিধা,গুৱাহাটী জম্মু তবীলৈ চলিব দুখন সাপ্তাহিক ৰেল

উত্তৰ পূব সীমান্ত ৰেলৱেই চলিত জুন আৰু জুলাই মাহৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত  গুৱাহাটী আৰু জম্মু তবীৰ মাজত দুখন সাপ্তাহিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে অহা ৩০ জুনৰ পৰা ০৫৬৫৩ গুৱাহাটী – জম্মু তবী সাপ্তাহিক ( অমৰনাথ এক্সপ্ৰেছ ) বিশেষ ৰেলখনে গুৱাহাটীৰ পৰা প্ৰত্যেক বুধবাৰে দিনৰ ১:৩০ বজাত যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা এক বজাত গৈ জম্মু তবীত উপস্থিত হ’ব । আনহাতে অহা ২ জুলাইৰ পৰা  ০৫৬৫৪ জম্মু তবী – গুৱাহাটী সাপ্তাহিক বিশেষ ৰেলখনে জম্মু তবীৰ পৰা প্ৰত্যেক শুক্ৰবাৰে নিশা ১০:৪৫ উভতনি যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা নিশা১১:৪৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব । তদুপৰি অহা ১২ জুলাইৰ পৰা ০৫৬৫১ গুৱাহাটী – জম্মু তবী সাপ্তাহিক ( লোহিত এক্সপ্ৰেছ ) ৰেলখনে গুৱাহাটীৰ পৰা প্ৰত্যেক সোমবাৰে দিনৰ ১:১০ বজাত যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা দিনৰ এক বজাত গৈ জম্মু তবীত উপস্থিত হ’ব । আনহাতে অহা ১৪ জুলাইৰ পৰা ০৫৬৫২ জম্মু তবী – গুৱাহাটী সাপ্তাহিক বিশেষ ৰেলখনে জম্মু তবীৰ পৰা প্ৰত্যেক বুধবাৰে নিশা১০:৪৫ বজাত উভতনি যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা নিশা ১১:৪৫ বজাত আহি গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত হ’ব । এই ৰেল কেইখনত যাত্ৰীৰ বাবে এ চি ২ টায়াৰ , এ চি ৩ টায়াৰ , শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ সুবিধা থাকিব । ৰেল কেইখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰেলৰ ৱেবছাইটত উপলব্ধ থাকিব । আনহাতে ৰেলযাত্ৰী সকলে নিজ নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট ৰাজ্যখনত বাহাল থকা স্বাস্থ্যজনিত প্ৰট’কল মানি চলিব লাগিব ।

Related Articles