Breaking

ডিব্ৰুগড় গ্রন্থ মহোৎসৱত দুই প্ৰজন্মৰ দুগৰাকী প্ৰখ্যাত ঔপন্যাসিক অৰূপা পটঙ্গীয়া কলিতাৰে অন্তৰংগ আলাপ জুৰী বৰা বৰগোহাঞিৰ

0 110

‘খোজ অসম’ৰ উদ্যোগত বাৰ দিনীয়াকৈ আয়োজন কৰা হৈছে “পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱ – ২০২২”। উদ্বোধনী অনুষ্ঠানৰ পাছতেই অনুষ্ঠিত হয় বিশিষ্ট ঔপন্যাসিক তথা ‘ফেলানী’, ‘পিছচোতালৰ কথকতা’, ‘দেওঁপাহাৰৰ ভগ্নস্তুপ’, ‘অৰুণিমাৰ স্বদেশ’, ‘জচনাৰ ঝিতাচ’ আদি উপন্যাসৰ স্ৰষ্টা অৰূপা পটঙ্গীয়া কলিতাৰ সৈতে অন্তৰংগ আলাপ। বিশিষ্ট ঔপন্যাসিকগৰাকীৰ সৈতে কথোপকথন আৰু আলাপৰ সূত্ৰ ধৰে ‘নাংফা’, ‘ভোক’, ‘সিহঁত’, ‘চিঞৰ’ আদিৰ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে। দুটা প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় ঔপন্যাসিকৰ কথোপকথন আৰু আলাপে সাহিত্য, সমাজ, প্ৰান্তীয় জীৱন, সাহিত্যত প্ৰান্তীয়তা, চৰিত্ৰ নিৰ্মাণ আদি বিষয়ত আলোচনা কৰে। ইয়াৰ ওপৰিও লেখিকাগৰাকীৰ ফেলানী উপনয়াসৰ জন্ম, উপনয়াসৰ সামৰণি, চৰিত্ৰ নিৰ্মাণ আদি বিভিন্ন বিষয়ত আলোচনা চলে। দুযোগৰাকী ঔপনয়াসিকৰ কথোপকথনে উপস্থিত গ্ৰন্থপ্ৰেমিকসকলক সুকীয়া স্বাদ দিয়ে। ড০ নগেন শইকীয়া, ড০পীতাম্বৰ দেৱ গোস্বামী, ড০ মৃদুল শৰ্মা, ড০ অসীম চুতীয়া, বিক্ৰম গোহাঁইবৰুৱা, সুমন দত্ত, বন্তি দত্তকে প্ৰমুখ্য কৰি বহুকেইজন লেখক, সমালোচক, গ্ৰন্থপ্ৰেমীয়ে বিশিষ্ট ঔপন্যাসিক অৰূপা পটঙ্গীয়া কলিতাক বিভিন্ন বিষয়ৰ ওপৰত বহুকেইটা প্ৰশ্ন কৰে।

গভীৰ চিন্তাৰ গৰাকী এইগৰাকী লেখকে সকলোকে দিয়া উত্তৰত উপস্থিত লেখক, গ্ৰথপ্ৰেমীসকল মুগ্ধ হয়। অনুষ্ঠানৰ শেষত লেখিকাগৰাকীয়ে এনে এক সুন্দৰ অনুষ্ঠানত উপস্থিত হৈ অতিশয় আানন্দিত অনুভৱ কৰিছে বুলি মত প্ৰকাশ কৰে। সাহিত্য সৃষ্টি, কৰ্মজীৱনত ব্যস্ত বিশিষ্ট লেখিকা গৰাকীয়ে ৰাজহুৱা অনুষ্ঠান আদিৰ অতিথি হিচাপে এতিয়ালৈকে অংশগ্ৰহণ অতি সীমিত। সদায়ে দুৰৈৰ পৰা কল্পনা কৰা উজনি অসমৰ পাঠকক সমুখত পাই আাবেগিক হোৱা বুলিও ঔপন্যাসিক গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

Leave A Reply