Breaking

ৰঙিয়া তৰণিত ড্ৰাগছ সহ দুজন যুৱকক আটক ৰঙিয়া আৰক্ষীৰ…

0 25

ৰঙিয়া সোঁমাজেৰে যোৱা ভাৰত ভূটান আন্তৰাষ্ট্ৰীয় পথৰ তৰণিত সোমবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে দুজন যুৱকক আটক কৰাৰ লগতে যুৱক দুজনৰ পৰা ১৩ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে এক বিশেষ খবৰৰ ভিত্তিত যুৱক দুজনে লৈ অহা বাইক খন ৰখাবলৈ দি তালাচী চলোৱা হয় । তালাচীৰ সময়ত যুৱক দুজনৰ পৰা এটা চাবোনৰ বাকচ সহ ড্ৰাগছ খিনি উদ্ধাৰ হোৱাৰ লগতে এটা প্লাষ্টিকৰ পেকেটত বহুকেইটা কন্টেনাৰ, দুটা মোবাইল ফোন আৰু এটা চিৰিঞ্জ জব্দ কৰা হয় ।

নিজকে নাগ্ৰীজুলিৰ বাবুল বড়ো আৰু দৈখাংকচা বসুমতাৰী বলি পৰিচয় দিয়া যুৱক দ্বয়ক আৰক্ষী আটক কৰাৰ লগতে তেওলোকে ব্যৱহাৰ কৰা এ এছ ২৫ আৰ ৬৫৭৫ নম্বৰৰ বাইক এখন জব্দ কৰা হয় । দুয়োজনকে ৰঙিয়া আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।

Leave A Reply