Breaking

তৃতীয় বড়ো শান্তি চুক্তিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰে ইউবিপিঅ,এবছু, এনডিএফবিৰ আলোচনা;সময় নিৰ্ধাৰিতভাৱে চুক্তিৰ দফা সমূহ ৰূপায়ন কৰাৰ দাবী…

0 53

২০২২ চনৰ ২৭ জানুৱাৰী তাৰিখে এনডিএফবিৰ চাৰিটা গোট,এবছু আৰু ইউবিপিঅ আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ ৰূপায়ণৰ সন্দৰ্ভত বিটিআৰ, বিকেডব্লিউএচি, স্বাকৰকাৰী সংগঠনৰ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ মাজত কালি নতুন দিল্লীৰ নৰ্থ ব্লকত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্বৰ অতিৰিক্ত সচিব পিয়ুষ গোৱেলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত বড়ো সমস্যাৰ কেন্দ্ৰীয় মধ্যস্থতাকাৰী এ কে মিশ্ৰ, অসম চৰকাৰৰ মুখ্য সচিব পৱণ কুমাৰ বৰঠাকুৰ, অসম চৰকাৰৰ গৃহ সচিব নিৰজ বাৰ্মা,অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ,

বিটিআৰৰ প্ৰধান সচিব অনুৰাগ গোৱেল, সচিব নৰেণ চন্দ্ৰ বসুমতাৰী উপস্থিত থকা বৈঠকত বড়ো শান্তি চুক্তিৰ ৬.৩ দফা অনুসৰি বিটিএডিৰ বাহিৰৰ বড়ো মাধ্যমৰ অমঞ্জুৰীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়বোৰক প্ৰয়োজন সাপেক্ষে বিশেষ ৰেহাই দি মঞ্জুৰীপ্ৰাপ্ত কৰা, বিটিচি চুক্তিৰ ৮ নং দফা আৰু তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.১ নং দফা অনুসৰি কাৰ্বি আংলং

আৰু ডিমাহাচাও জিলাত বসবাস কৰা বড়ো সকলক শীঘ্ৰে পাহাৰীয়া জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা, উন্নয়নৰ স্বাৰ্থত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো গাওঁ সমূহ বিটিআৰ অথবা বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা, ২০০৬ বন অধিকাৰ আইনখন চৰকাৰে কাৰ্য্যকৰী কৰি জনজাতি আৰু পৰম্পৰাগত বনবাসী লোকক ভূমি অধিকাৰ প্ৰদান কৰা,তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.৩ অনুচ্ছেদ অনুসৰি অসম চৰকাৰে অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত আৰু অন্যান্য বনাঞ্চলত পৰম্পৰাগতভাৱে থকা লোকসকলক ২০০৬ চনৰ বন ভূমি আইনৰ নিয়ম অনুসৰি বি টি এডিৰ বাহিৰত ৰৈ যোৱা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ব্যৱস্থা আছে সেয়ে আইনখন সঠিকভাৱে তৎকালে কাৰ্য্যকৰী কৰা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ কৰি সমষ্টি গঠনৰ লগতে নিৰ্বাচন অনুষ্ঠিত কৰা,প্ৰাক্তন এনডিএফবি কেডাৰৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা, নিৱনুৱা বড়ো যুৱক, যুৱতী সকলৰ জীৱন-জীৱিকাৰ ব্যৱস্থা কৰা, বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পুঁজিৰ আৱন্টিত কৰা বিষয়ৰ ওপৰত আলোচনা কৰে।

বৈঠকত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, ডেপুটি ছীফ গোবিন্দ বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌগগৌড়া নাৰ্জাৰী, বিটিআৰৰ ইএম ৰঞ্জিত বসুমতাৰী, এবছুৰ সভাপতি দ্বীপেন বড়ো,উপ সভাপতি খৌৰোমদাও ওৱাৰী, উপদেষ্টা কুসুম কুমাৰ স্বৰ্গীয়াৰী,বিধায়ক লৰেন্স ইছলাৰী, বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,

ডেপুটি ছীফ ৰোমিঅ নাৰ্জাৰী,ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম,প্ৰাক্তন এনডিএফবিৰ নেতা শীলা বসুমতাৰী, সাইখং বসুমতাৰী, অভিৰাম বসুমতাৰী, দিলৰঞ্জন নাৰ্জাৰী উপস্থিত থাকে। উচ্চ পৰ্যায়ৰ বৈঠকখন যথেষ্ট ফলপ্ৰসূ হোৱা বুলি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে জানিবলৈ দিয়ে।

Leave A Reply