Breaking

ৰঞ্জন দৈমাৰীক আদালতে দিয়া ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ স্তব্ধ ওদালগুৰি জিলা

0 101

পুনৰ প্ৰতিবাদত উত্তাল হল বড়ো ভূমি।অসম চৰকাৰে বিটিচি অঞ্চলত স্থায়ী শান্তি ঘূৰাই অনাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া যেন এতিয়া ফুটুকাৰ ফেনলৈ ৰূপান্তৰ হৈছে। বিটিচিত ডেৰ বছৰ আগতে শান্তি চুক্তি হোৱাৰ পাছত পোন প্ৰথম বাৰৰ বাবে বুধ বাৰে পুনৰ অশান্তিৰ সৃষ্টি হয়।এন ডি এফ বিৰ স্বয়ম্ভু সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীক ২০০৮ বৰ্ষৰ ৩০ অক্টোবৰত ৰাজ্যত ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ অপৰাধত নিম্ন আদলতে যাবজ্জীৱন কৰা দণ্ডিত কৰে ৷

আদালতৰ ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ আজি ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান দিয়ে প্ৰাক্তন এন ডি এফ বিয়ে ৷প্ৰাক্তন এন ডি এফ বিৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱে ওদালগুৰি জিলা স্তব্ধ হৈ পৰে ৷বন্ধৰ ফলশ্ৰুতিত টংলা, হৰিশিঙা, খৈৰাবাৰী, ভেৰগাও, ৰৌতা, মাজবাট,ওৰাং আদি অঞ্চলৰ হাট ,বজাৰ , ব্যৱসায়িকক প্ৰতিষ্ঠান , অফিচ , আদালত , বেংক ,ডাক সেৱা বন্ধ হৈ পৰে। লগতে যাত্ৰীবাহী বাছ সৰু সৰু যান বাহনৰো চলাচল বন্ধ হৈ পৰে।শান্তি চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত বুধবাৰে বন্ধৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰাক্তন এন ডি এফবি সদস্যসকলে। শান্তিৰ স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰিবলৈ কাৰাগাৰৰ পৰা মুকলি কৰি পুনৰ চুক্তি স্বাক্ষৰৰ পাছত কাৰাগাৰত নিক্ষেপ কৰাত অঞ্চলটোলৈ শান্তি ঘূৰি নাহে বুলি উল্লেখ কৰে প্ৰাক্তন এন ডি এফ বি আৰু দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীয়ে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়।উক্ত চুক্তিত ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। আনপিনে বড়ো নেতৃবৰ্গৰ ভিতৰত নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ গোবিন্দ বসুমতাৰী, ধীৰেন্দ্ৰ বড়ো, ৰঞ্জন দৈমাৰী, বি চাওৰাইগোৰা, অল বড়ো ষ্টুডেণ্ট ইউনিয়ন চমুকৈ এবচুৰ প্ৰমোদ বড়ো, বিটিচিৰ মুখ্য কাৰ্য্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী আৰু ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেচন বা চমুকৈ ইউবিপিঅ’ৰ প্ৰতিনিধিয়ে চুক্তি ৰূপায়ণত অংশ লয়।

এই চুক্তিখনৰ পিছত কেইবাদশকো চলি অহা সশস্ত্ৰ বড়ো সংগ্ৰামখনৰ সামৰণি পৰিব বুলি আশা কৰা হৈছে কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ তিনিদিন পিছতেই এনডিএফবিৰ ১, ৬১৫ জন সংগ্ৰামীয়ে ৩০ জানুৱাৰী, ২০২০-ৰ দিনা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰিছিল। যিহেতু এই চুক্তিখন হৈছে বড়ো আৰু চৰকাৰৰ মাজত সম্পন্ন হোৱা তৃতীয়খন চুক্তি। ইয়াৰ পূৰ্বে ১৯৯৩ চনত আৰু ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰিত হৈছিল।

১৯৯৩ চনৰ চুক্তিখনৰ দ্বাৰা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ গঠন হৈছিল আৰু ২০০৩ চনৰ চুক্তিখনৰ জৰিয়তে অসমৰ চাৰিখন জিলা সামৰি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ গঠন হৈছিল।কিন্তু পুনৰ বি টি চি অঞ্চলত বন্ধ সংস্কৃতি,অশান্তিৰ সৃষ্টি হবলৈ গৈ আছে।সেয়া কিন্তু ভৱিষ্যতৰ কাৰণে এটা ভয়ানক পৰিস্হিতি হবলৈ গৈ আছে ।সেয়েহে আগন্তক দিনত শান্তি ঘূৰাই অনাৰ স্বাৰ্থত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়ত পৰিলক্ষিত হব।

টংলাৰ পৰা অৰূপ বড়ো

Leave A Reply