লংকাৰ উদালীৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকা আন এটা অপৰাধীক আটক কৰিছে লংকা আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা অপৰাধীটোৰ নাম হিলাল উদ্দিন । যোৱা নিশা লংকা আৰক্ষীয়ে নখুটীৰ পৰা আটক কৰে দুষ্কৃতিকাৰীটোক। চিকিৎসক আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা হিলাল উদ্দিনে নখুটীত আত্মগোপন কৰি আছিল । বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৯ টা অপৰাধীক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।