Breaking

ভাৰতক ‘বিশ্ব গুৰু’ বুলি অভিহিত কৰিলে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীয়ে

0 32

ৰাছিয়া-ইউক্ৰেইনৰ মাজত ৰক্তক্ষয়ী যুদ্ধ চলি থকাৰ মাজতে ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ লৈ আহিছে ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী এমিন ধজেপ্পাৰ। ধজেপ্পাৰ সোমবাৰে ভাৰতীয় নেতৃত্বৰ ওপৰত গভীৰ আস্থা ব্যক্ত কৰি ভাৰতক ‘বিশ্ব গুৰু’ বুলি অভিহিত কৰে।

চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বব্যাপী নতুন দিল্লীয়ে যি বিশ্বব্যাপী শান্তি আৰু ন্যায়ৰ হকে প্ৰচাৰ চলাইছে সেয়া কেৱল বিশ্বগুৰুৰ বাবেহে সম্ভৱ। তেওঁ লগতে কয় যে ভাৰতে বিশ্বব্যাপী সমস্যা আৰু প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সক্ৰিয় ভূমিকা পালন কৰিব, বিশেষকৈ অৰ্থনীতি, শক্তি আৰু পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত। তেওঁ লগতে কয় যে ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ নাটো বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয় নহয়, এয়া ন্যায়ৰ বিষয়ে। তেওঁ কয় “ৰাছিয়াই মোৰ দেশৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে” তেওঁ লগতে কয় যে ইউক্ৰেইনে ১,৫০০ বছৰৰ ইতিহাসত কেতিয়াও আন কোনো দেশক আক্ৰমণ কৰা নাই।

যোৱা বছৰ ফেব্ৰুৱাৰীত ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে ইউক্ৰেইনৰ নেতা ভলোডিমিৰ জেলেনস্কিৰ সৈতে কেইবাবাৰো কথা পাতিছে। বিশেষকৈ, ভাৰতে এতিয়ালৈকে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিয়া নাই আৰু কূটনীতি আৰু আলোচনাৰ জৰিয়তে সংকটটো সমাধান কৰিব লাগিব বুলি কৈ আহিছে। ভাৰত-ৰাছিয়াৰ শক্তি সম্পৰ্কৰ বিষয়ে সোধাত, তেওঁ কয় যে এইক্ষেত্ৰত ভাৰতৰ সঁহাৰি ইতিবাচক। তেওঁ ইউক্ৰেইন, নতুন দিল্লীক শক্তি আৰু সামৰিক চুক্তিকে ধৰি ইয়াৰ সম্পদত বৈচিত্ৰতা আনিবলৈ আহ্বান জনায়।

তেওঁ কয় ” আমি ভাৰতক আন দেশৰ সৈতে তেওঁলোকৰ অৰ্থনৈতিক সম্পৰ্কত নিৰ্দেশ দিয়াৰ স্থিতিত নাই”। তেওঁ লগতে কয় যে ভাৰতে ইয়াৰ শক্তি সম্পদ, সামৰিক চুক্তি আৰু ৰাজনৈতিক বাৰ্তালাপৰ বৈচিত্ৰতা আনিবলৈ ব্যৱহাৰিক দৃষ্টভংগী গ্ৰহণ কৰা উচিত। ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনৰ এজন মন্ত্ৰীয়ে এয়াই প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে।

Leave A Reply