Breaking

মানিকপুৰৰ জাউবাৰীত উলহ- মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎযাপন….

0 164

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। দুটা বছৰ বিৰতিৰ পিছত এইবাৰ মুকলি মনেৰে উলাই আহিছে বিহু বলীয়া ৰাইজ। অসমীয়া হিয়াৰ আমঠু বিহুক লৈ পিছ পৰি থকা নাই মানিকপুৰৰ ৰাইজ। মানিকপুৰৰ ঝাউবাৰী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহুৰ লগতে বিভিন্ন খেল-ধেমালি।

৩৪ সংখ্যক ঝউবাৰী ৰঙালী বিহুৰ আয়োজক সমিতিয়ে দুদিনীয়াকৈ বহাগ বিহু উদযাপন কৰে।প্ৰথম দিনা বিভিন্ন ধৰণৰ খেল ধেমালি আৰু দ্বিতীয় দিনা অসমৰ বিভিন্ন ঠাইৰ ৬ টাকৈ বিহুৱা দলে পৰিৱেশন কৰিলে বিহু নাচ। মুঠৰ ওপৰত ঢোল পেঁপাৰ তালে তালে ৰঙালীৰ আনন্দত ঝউবাৰীৰ ৰাজহুৱা খেল- পথাৰত আত্মহাৰা বিহু বলীয়া ৰাইজ।

Leave A Reply