Breaking

বিটিচি নিৰ্বাচনত চৰ্ত সাপেক্ষে বিপিএফলৈ সমৰ্থন অসম ৰাজ্যিক জমিয়ত উলামাৰ

0 1,265

ডবকা ২৭ নৱেম্বৰঃ বিটিএডি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পৰিষদখন দখল কৰাক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে ৷ অহা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিচি এলেকাত বাস কৰা ধৰ্মীয় সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ বাবে প্ৰতিটো দলে চেষ্টা চলাইছে ৷ কিন্তু প্ৰশ্ন হয, তাৰ সংখ্যালঘুসকলে কাক সমৰ্থন কৰিব, সেয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ৰাজ্যৰ সংখ্যালঘুসকলৰ বৃহৎ আৰু শক্তিশালী সংগঠন অসম ৰাজ্যিক জমিয়ত উলামাই বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছে ৷ মৌলানা মস্তাক আনফৰ নেতৃত্বাধীন ৰাজ্যিক জমিয়ত উলামাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী, সম্পাদক কলিম উদ্দিনে এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি জমিয়ত উলামাই সমাগত বিধানসভা নিৰ্বাচনত বিটিচি নিৰ্বাচনত বিপিএফলৈ সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছে ৷ কেতবোৰ চৰ্ত সাপেক্ষে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোলৈ সমৰ্থন আগবঢ়োৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰে ৷ দলটোৱে বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি ৰাজ্যিক জমিয়ত উলামাই হাগ্ৰামা মহিলাৰীৰ সন্মুখত দহটা চৰ্ত ৰাখিছে ৷ বিপিএফ দল পুনৰ বিটিচিৰ শাসনলৈ আহিলে এই চৰ্ত কেইটা পূৰণৰ দাবী ৰাখিছে ৷ জমিয়ত উলামাই উত্থাপন কৰা দাবী কেইটা হৈছে ক্ৰমে বিটিএডি অঞ্চলত বাস কৰা ধৰ্মীয় সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, ২০০৩ চনত বিটিচি গঠনৰ পূৰ্বৰ পৰা তাতে বাস কৰা ধৰ্মীয় সংখ্যালঘুসকলৰ ভূমিহীন সকলক ভূমি প্ৰদান কৰা, চাকৰি-বাকৰিত সমানুপাতে সংস্থাপন প্ৰদান কৰা, বিভিন্ন সময়ত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ সময়ত গৃহহাৰা হোৱা ধৰ্মীয় সংখ্যালঘুসকলক পুনৰ সংস্থাপন দিয়া, বিভিন্ন বিভাগৰ চৰকাৰী ঠিকা-ঠুকুলিত ধৰ্মীয় সংখ্যালঘুসকলক সুযোগ-সুবিধা প্ৰদান কৰা, বিটিএডিত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি দ্ৰুত উন্নয়ন সাধন কৰা, স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন চৰকাৰী সুবিধাৰে সংখ্যালঘুসকলৰ জীৱনৰ মান উন্নত কৰাৰ দাবী অন্যতম ৷ এতিয়া বিটিচিৰ নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব, ধৰ্মীয় সংখ্যালঘুসকলে কাক সমৰ্থন কৰে ?

Leave A Reply