Breaking

ঝুলন গোস্বামীৰ বায়’পিক মুক্তিক লৈ অনিশ্চয়তা, ইয়াৰ আঁৰৰ কাৰণ কি…

0 23

যোৱা বছৰ গম পোৱা গৈছিল যে অনুষ্কা শৰ্মা অভিনীত ঝুলন গোস্বামীৰ বায়’পিক অ’টিটিত মুক্তি পাব। কিন্তু এতিয়া ছবিখন মুক্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। অনুষ্কা শৰ্মা আৰু তেওঁৰ ভাতৃ কৰ্ণেশ শৰ্মাই ২০১৩ চনত এটা প্ৰডাকচন কোম্পানী খুলিছিল। ‘বুলবুল’, ‘কালা’ আদি ছবি নিৰ্মাণ কৰিছে এই প্ৰডাকচন হাউচৰ পৰা। কিন্তু তেওঁলোকৰ দ্বাৰা প্ৰযোজিত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিক ‘চকদহ এক্সপ্ৰেছ’ মুক্তিৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে।


কিছুবছৰ পূৰ্বে অনুষ্কাই প্ৰডাকচন কোম্পানী (ক্লিন স্লেট ফিল্মছ)ৰ পৰা আঁতৰি আহিছিল। কিন্তু তাৰ পিছতো ছবিখন মুক্তিৰ ক্ষেত্ৰত কোনো সমস্যা নাছিল। কিন্তু শুনা গৈছে যে শেহতীয়াকৈ নেটফ্লিক্সৰ সৈতে কৰ্ণেশৰ চুক্তি সমাপ্ত হৈছে। ফলত ‘চাকদহ এক্সপ্ৰেছ’ৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। সূত্ৰ অনুসৰি উদ্যোগিক পাৰ্থক্যৰ বাবে নিজ নিজ অ’টিটি প্লেটফৰ্মৰ পৰা আঁতৰি আহিছে কৰ্ণেশ।

যোৱা বছৰ ছবিখনত ঝুলনৰ চৰিত্ৰত অনুষ্কাৰ প্ৰথম লুক প্ৰকাশ পাইছিল। জানিব পৰা মতে ছবিখন অ’টিটিত মুক্তি পাব। কিন্তু এতিয়া ছবিখনৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। কৰ্ণেশৰ আন এটা প্ৰজেক্ট ‘আফগানি স্নো’ৰ অন্যতম প্ৰযোজক নেটফ্লিক্স। এই প্ৰজেক্টত বিজয় ভাৰ্মা আৰু তৃপ্তী ডিমৰীয়ে অভিনয় কৰিছে। কিন্তু এতিয়া চুক্তিৰ ম্যাদ উকলি যোৱাৰ বাবে বিপদত পৰিছে কৰ্ণেশ।

২০২২ চনত অনুষ্কা কেইবাদিনো কলকাতাত আছিল ‘চকদা এক্সপ্ৰেছ’ ছবিৰ শ্বুটিংৰ বাবে। সেই সময়ত অভিনেত্ৰীগৰাকীৰ সৈতেও ঝুলনক দেখা গৈছিল। এই ছবিখনত অনুষ্কাৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল দিব্যেন্দু ভট্টাচাৰ্যই।

Leave A Reply