Breaking

চাপৰমুখত শোৱাপাটিৰ পৰাই সন্ধানহীন কিশোৰ…

0 1,044

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত চাপৰমুখ কৃষ্ণনগৰৰ এজন কিশোৰ আজি পুৱাৰ পৰাই নিৰুদ্দেশ  হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে কৃষ্ণনগৰৰ মুকুট বৰাৰ  পুত্ৰ তথা চাপৰমুখৰ চেন্ট বেচিলছ একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্র গৌৰৱজ্যোতি বৰা(বাবু) (১৬)ই কালিও আন দিনাৰ দৰেই  নিশা খোৱা বোৱা কৰি শুবলৈ যায়।কিন্তু আজি পুৱা শোৱাপাটিৰ পৰাই নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

ইতিমধ্যে পৰিয়ালৰ লোকে চাপৰমুখ আৰক্ষী চকীত এক গোচৰ দিয়াৰ ওপৰিও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সম্ভেদ লাভ কৰিব পৰা নাই ‌।অতি অমায়িক কিশোৰজন হঠাতে শোৱাপাটিৰ পৰাই   সন্ধানহীন হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।কোনো সদাশয় লোকে কিশোৰজনৰ সম্ভেদ পালে মবাইল ৯১০১৬৫৭৪২২ আৰু মবাইল ৯৮৬৪৬৩০১৫১ নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগৰ বাবে অনুৰোধ জনোৱা হৈছে।

Leave A Reply