Breaking

কি পৰিস্থিতিত ৰাজ্যৰ বান…

0 48

বছৰৰ প্ৰথমটো বানে জুৰুলা কৰিছে ৰাজ্য। বৰষুণৰ পৰিমাণ কমাৰ লগে লগে বান পৰিস্থিতি কিছু উন্নত হৈছে। এটা চৰকাৰী বুলেটিনত উল্লেখ কৰা হৈছে যে অসমৰ বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে। এই বানত ইতিমধ্যে প্লাৱিত হৈছে ১১খনকৈ জিলা। ১.২ লাখ লোক এতিয়াও আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৬ লৈ বৃদ্ধি৷

বৰপেটা জিলাৰ অৱস্থা শোচনীয় হৈয়েই আছে আৰু মঙলবাৰে আন এক বানপানীৰ মৃত্যুৰ ঘটনাৰ বাতৰি পোৱা গৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, বজালী, বাকছা, বৰপেটা, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, লখিমপুৰ, নলবাৰী আৰু তামুলপুৰ জিলাত বানপানীৰ বাবে এতিয়াও ১,২১,২৪৭ জন লোক দুৰ্দশাগ্ৰস্ত হৈ আছে।

বৰপেটা বিগত ২৪ ঘন্টাত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা হৈয়েই আছে য’ত এতিয়াও ৬৭,০৫৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে,ইয়াৰ পিছতে আছে বজালীত ৪১,২৮০ জন আৰু লখিমপুৰত ৯,২৫০ জন লোক।

সম্প্ৰতি ২২ টা ৰাজহ চক্ৰৰ ৫১৪ খন গাঁও পানীৰ তলত থকাৰ লগতে সমগ্ৰ অসমত ২৩৮৯.২৩ হেক্টৰ শস্য এলেকাৰ ক্ষতিগ্ৰস্ত হৈছে বুলি এ এছ ডি এম এয়ে জানিবলৈ দিয়ে।

কৰ্তৃপক্ষই আঠখন জিলাত ১১৫টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ চলাই আছে য’ত ৩২৯ গৰাকী মহিলা আৰু ৪৭ গৰাকী শিশুকে ধৰি ৭১৩ জন লোকে আশ্ৰয় লৈছে।

বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধুবুৰী, কোকৰাঝাৰ, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া আৰু উদালগুৰি জিলাত ব্যাপক খহনীয়া দেখা গৈছে।

বানপানীৰ বাবে বজালী, বৰপেটা, বিশ্বনাথ, ধুবুৰী, কৰিমগঞ্জ আৰু নলবাৰী জিলাৰ ৬০টা স্থানত পথৰ ক্ষতিসাধনৰ ঘটনা সংঘটিত হয়।

যোৱা ২৪ ঘন্টাত পাঁচখন জিলাত প্ৰায় ৮৪,৬৯৭টা জীৱ-জন্তু (ক্ষুদ্ৰ, ডাঙৰ আৰু হাঁহ-কুকুৰা) আক্ৰান্ত হৈ আছে।

আনহাতে, বৰ্তমান কোনো নদী বিপদসীমাৰ ওপৰেৰে বৈ থকা নাই।

Leave A Reply