Breaking

ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…

0 95

ছাৰা আলী খান আৰু শুভমান গিলে ইজনে সিজনক আনফ’ল’ কৰিলে, গোপনে গোপন প্ৰেমৰ পিছত ব্ৰেকআপ নেকি? যোৱা কেইমাহমানৰ পৰা ক্ৰিকেটাৰ শুভ্মান গিলৰ সৈতে ছাৰা আলী খানৰ নাম জড়িত হৈ আছে যদিও দুয়োজনে ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰাৰ লগে লগে তেওঁলোকৰ ব্ৰেকআপৰ খবৰ ওলাইছে।ছ’চিয়েল মিডিয়াত ছাৰা আলী খান আৰু শুভ্মান গিলে ইজনে সিজনক আনফ’ল’ কৰাৰ খবৰৰ লগে লগে মানুহে এতিয়া তেওঁলোকৰ বিচ্ছেদক ​​লৈ জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এই খবৰত দুয়োজন নিমাত। ছাৰা আৰু শুভমানক কিছুদিনৰ আগতে একেলগে দেখা গৈছিল, এখন ৰেষ্টুৰেণ্টত। তেতিয়াৰ পৰাই তেওঁলোকৰ প্ৰেমৰ খবৰ পূৰ্ণগতিত চলি আছিল। ইয়াৰ পিছতো গোপনে লগ পোৱা দেখা গৈছিল আৰু সংবাদ মাধ্যমতো বহু খবৰ প্ৰকাশ পাইছিল যদিও এই সন্দৰ্ভত ছাৰাই কোনো মন্তব্য কৰা নাছিল আৰু শুভমানেও এই বিষয়ে কোনো স্পষ্টীকৰণ দিয়া নাছিল।

দুয়ো নিজৰ কামত ব্যস্ত-
ছাৰা নিজৰ ছবিৰ প্ৰচাৰত ব্যস্ত থকাৰ সময়তে শুভমানেও নিজৰ খেলত মনোনিৱেশ কৰিছে। আই পি এলত স্মেক খেলা শুভমানে নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ক্ৰিকেটত তেওঁ নতুন নাম অৰ্জন কৰিছে, চাৰাৰ বৰ্তমান তেওঁ নিজৰ ছবি জাৰা হাট কে জাৰা বাচ কেৰ প্ৰচাৰত ব্যস্ত। ২ জুনত মুক্তি পাব ছবিখন। বিকি কৌশলৰ সৈতে ছবিখনত দেখা যাব ছাৰা আলী খানক।


Leave A Reply