পুনৰ গোলকগঞ্জৰ মন্দিৰৰ কালী মূৰ্তি ভাঙিলে অজ্ঞাত দুস্কৃতিকাৰীয়ে…

যোৱা নিশা পুনৰ গোলকগঞ্জৰ মন্দিৰৰ মূৰ্তি ভাঙিলে অজ্ঞাত দুস্কৃতিকাৰীয়ে অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত উত্তেজনা। ছাগলীয়া ৰায়ডাক শ্মশান মন্দিৰৰ কালী মূৰ্তি ভাঙিলে অজ্ঞাত দুস্কৃতিকাৰীয়ে। পুৱা প্ৰাত ভ্ৰমণত অহা ৰাইজে মূৰ্তি ভগ্ন অৱস্থাত প্ৰত্যক্ষ কৰে।

খবৰ বিয়পি পৰাত যথেষ্ট ৰাইজৰ সমাগম হয় লগতে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় । ইপিনে ছাগলীয়া আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অঞ্চলটোৰ আইন শৃংখলা নিৰাপত্তাৰ ওপৰতো প্ৰশ্নৰ উদয় হৈছে।


কাৰণ কালি নিশাও সংঘটিত হয় একে ঘটনা। ছাগলীয়া ছোটোকুৰা শ্মশান মন্দিৰৰ কালী মূৰ্তি ভাঙিছিল দুস্কৃতিকাৰী। অৱশ্যে অঞ্চলটোৰ শান্তি সম্পৃতি নষ্ট কৰাৰ বাবে দুষ্ট চক্ৰৰ কু অভিসন্ধি বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে। ধুবৰী জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

Related Articles