Breaking

আদানী সন্দৰ্ভত মন্তব্য প্ৰদান দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ…

0 76

অৱশেষত আদানী সন্দৰ্ভত মন্তব্য প্ৰদান কৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । আদানী-হিণ্ডেনবাৰ্গ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি যোৱাৰ পাছত প্ৰাৰম্ভিক পৰ্যায়ত নীৰৱে ৰৈছিল কেন্দ্ৰীয় মন্ত্ৰ্যালয় ।

কিন্তু শেহতীয়াকৈ আদানীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ প্ৰাবল্য বাঢ়ি যোৱাত উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ জৰিয়তে এখন বিচাৰপীঠ তৈয়াৰ কৰিছিল এই গোচৰসমূহৰ সত্যতা বিচাৰ কৰিবলৈ ।

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, দেশবাসীক আদানীৰ বিৰুদ্ধে থকা প্ৰমাণ সমূহ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে । সেই সমূহৰ ভিত্তিত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব দোষীৰ বিৰুদ্ধে । ভাৰতত কোনো দোষীয়েই সাৰি নাযায় ন্যায়লয়ৰ দৃষ্টিৰ পৰা ।

Leave A Reply