কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগালেণ্ডত ৫২ কোটি টকাৰ পাঁচটা ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নাগালেণ্ডত ৫২ কোটি টকাৰ পাঁচটা ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে।

প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ৮ কোটি টকা ব্যয় সাপেক্ষে ৪২খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ) লেবৰেটৰী, ৯খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১ কোটি ৮০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা অটল টিংকাৰিং লেব, ১২.৫ মেগাৱাট (এম ভি) চাব -১৪ কোটি টকা ব্যয়েৰে চিয়েফোবোজৌত ষ্টেচন, মাউণ্ট ছাৰামাটি, থানামিৰ গাঁও আৰু কিফিৰেত ট্ৰেকিং আৰু বেছ কেম্প আৰু ৰাজ্যপালৰ কেম্প লিফায়ানৰ ওচৰত ২৮ কোটি টকা ব্যয়েৰে ডোয়াং নদীৰ দুলেন দলং।

সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ড বিভিন্ন প্ৰকাৰৰ জনজাতিৰ সংস্কৃতিৰ মিলনৰ ভূমি।তেওঁ কয়, “নাগালেণ্ড বিশ্বৰ ২৫টা বিখ্যাত জৈৱ বৈচিত্ৰ্যৰ ভিতৰত অন্যতম যিয়ে ইয়াক পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰে সজ্জিত কৰে। নাগালেণ্ডৰ নাগৰিক, সংস্কৃতি আৰু ইয়াত নাৰীক দিয়া সম মৰ্যাদাৰ বাবেও সমগ্ৰ বিশ্বতে বিখ্যাত।”

Related Articles