Breaking

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা : সমগ্ৰ অসমৰ পৰাই প্ৰত্যাহাৰ কৰা হ’ব ‘আফস্পা’

0 1,078

দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত এক বৃহৎ ঘোষণা কৰে। ইতিমধ্যে অসমৰ ২৩ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন খন সমগ্ৰ অসমৰ পৰাই প্ৰত্যাহাৰ কৰা হ’ব পাৰে বুলি শ্বাহে আজি মন্তব্য কৰে। গুৱাহাটীত এই ঘোষণা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সামৰিক বাহিনী বিশেষ ক্ষমতা আইন সম্পৰ্কে এই মন্তব্য কৰে শ্বাহে।তেওঁ কয় যে অসমৰ উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শান্তি আলোচনা চলি থকাৰ সময়তে অসমৰ ২৩ খন জিলাৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে।শ্বাহে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কেন্দ্ৰই বেছিভাগ উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিৰ বাবে আগবাঢ়ি আহিছে । অসমত শীঘ্ৰে শান্তি প্ৰতিষ্ঠা হ’ব বুলিও তেওঁ কয়।আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহা সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পুনৰ সংস্থাপিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও শ্বাহে মন্তব্য কৰে।অসম আৰক্ষীক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষীৰ এক গৌৰৱময় ইতিহাস আছে । বিদ্ৰোহী সমস্যা , সীমান্ত সমস্যা,অস্ত্ৰ, ড্ৰাগছ আৰু গৰুৰ চোৰাং ব্যৱসায়, গঁড়ৰ চোৰাং চিকাৰ ৰোধত আৰক্ষী সফল হোৱা বুলিও তেওঁ কয়।
।উল্লেখ্য যে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে । অসম হৈছে ৰাষ্ট্ৰপতিৰ কালাৰছ সন্মান লাভ কৰা দেশৰ দশম ৰাজ্য ।
এইবাৰ চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ আৰু মানুহৰ গণনা নকৰে। ইয়াৰ পৰিৱৰ্তে আহি আছে ই-লোকপিয়ল অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো ডিজিটেল হৈ পৰিব। এই পদ্ধতিটো ১০০ শতাংশ শুদ্ধ হ’ব। সোমবাৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰে।


উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত এটা লোকপিয়ল কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্বাহে কয় যে দেশৰ পৰৱৰ্তী লোকপিয়ল সম্পূৰ্ণৰূপে ডিজিটেল হ’ব। এই পদ্ধতিত ১০০ শতাংশ সঠিক গণনা কৰিব পৰা যাব।লগতে পঢ়ক: নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ কয় যে এই গণনা পদ্ধতিটো নিখুঁত কৰিবলৈ অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এনে ধৰণৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে কিয়নো দেশৰ বিত্তীয় আৰু অন্যান্য পৰিকল্পনা ৰূপায়ণত লোকপিয়লে এক ডাঙৰ ভূমিকা পালন কৰে। কেৱল লোকপিয়লৰ জৰিয়তেহে দেশৰ ভিতৰুৱা অঞ্চলকে ধৰি ইয়াত বসবাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড জনা সম্ভৱ। পাহাৰীয়া অঞ্চলৰ পৰা উন্নত চহৰলৈকে মানুহবোৰ কেনে আছে সেয়া জানিব পৰা যাব।এই ই-লোকপিয়ল প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি শ্বাহে কয় যে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো লোকৰ জন্ম আৰু মৃত্যুৰ তথ্য একেলগে যোগ কৰা হ’ব। লোকপিয়ল ডিজিটেলভাৱে আপডেট কৰা হ’ব।

Leave A Reply