Breaking

দৰঙৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী

0 38

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেৱকান্ত অধিকাৰী ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা শলগুৰি সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱ উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চল।

ভকত বৈষ্ণৱৰ সমাগমে উঠপ থপ হৈ উঠিছে দেৱকান্ত অধিকাৰী ক্ষেত্ৰ। আধ্যাত্মিক কাৰ্যসূচীৰ লগতে বিয়লি অনুষ্ঠিত হয় ধৰ্মালোচনী সভা।

সত্ৰৰ সভাপতি ধৰণীধৰ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সাবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে।

মন্ত্ৰী গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ , চৈতন্যদেৱ আদি মহাপুৰুষ সকলে মানৱ সমাজক পোহৰৰ বাট দেখুৱাই ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰে ৷


সভাত মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী, শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, প্ৰাক্তন মন্ত্ৰী ড° জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াকে প্ৰমুখ্যে কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

সভাত স্মৃতিগ্ৰন্থ কৰাপাট উন্মোচন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰাম চন্দ্ৰ ডেকাই।

উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি বোৱাৰী কনকলতা আইৰ বংশধৰ ৰঘুদেৱ মহন্তই ১৮২১চনত নগাঁও জিলাৰ শলগুৰি জানৰ পৰা আহি এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

এই সত্ৰ খনে নগাঁও ভকতপাৰা অঞ্চলটোত আধ্যাত্মিক সাংস্কৃতিক দিশত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে৷

Leave A Reply