Breaking

গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ

0 72

২২ ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুই বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে। সভাত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিৰ বৰ্তমান স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে। সভাত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ ডাঙৰীয়াই গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছন, প্ৰধানমন্ত্ৰী কিষাণ যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনা, প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান, আয়ুষ্মান ভাৰত, অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা,মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি, বিদ্যাঞ্জলি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় শাৰীৰিক বাধাগ্ৰস্ত পেঞ্চন আঁচনি আদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ আৰু বৰ্তমান স্থিতি সম্পৰ্কে পাৱাৰপইন্ট প্ৰেজেন্টেচনৰ জৰিয়তে মন্ত্ৰীগৰাকীক বহল ভাৱে অৱগত কৰে।

সভাত মন্ত্ৰীগৰাকীয়ে আঁচনি সমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰকৃত হিতাধিকাৰী সকল যাতে উপকৃত হয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে লগতে নিয়মীয়াকৈ হিতাধিকাৰী সকলৰ লগত মত বিনিময় কৰি আঁচনি সমূহৰ সঠিক ব্যৱহাৰৰ প্ৰতি সজাগ কৰিবলৈ কয়। গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ স্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। আজিৰ পৰ্যালোচনা সভাত মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ প্ৰমুখ্য কৰি জিলা আৰু মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।


পৰ্যালোচনা সভাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ উপৰিও স্মৃতি উদ্যানত প্ৰতিষ্ঠিত ক্ৰমে শ্বহীদ কমলা মিৰি, শ্বহীদ বিজু বাউৰী, শিল্পী আইদেউ সন্দিকৈ, বীৰাংগনা সতী সাধনী আৰু সতী ৰাধিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু মাল্যাৰ্পণ কৰে।উল্লেখযোগ্য যে পুৱা কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীগৰাকীয়ে বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত কেইবাখনো অভিলাষী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু আঁচনিসমূহৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া লয়৷

Leave A Reply