Breaking

কেন্দ্ৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত উত্তৰ পূৱ ভাৰতত ৰূপায়ন কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

0 48

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে গুৱাহাটীত উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা বৈঠকত বুধবাৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাও উপস্থিত থাকে। অসমৰ লগতে উত্তৰ পূৱ ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ বিভাগীয় জ্যেষ্ঠ বিষয়াসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ যুটীয়া সচিব তথা আন জ্যেষ্ঠ বিষয়া উপস্থিত থকা বৈঠকখনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে অনুসূচিত জাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ জনকল্যানমূলক আঁচনিসমূহৰ পৰ্যালোচনা কৰে।

অসমৰ হৈ বিভাগীয় বিষয়াই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক বিস্তৃত খতিয়ান আগবঢ়ায়। মন্ত্ৰী পীযুষ হাজৰীকাইও ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কামসমূহৰ বিষয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক অৱগত কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই থকা অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা জলপানী লাভৰ ক্ষেত্ৰত National Scholarship Portal ৰ ব্যৱস্থা সৰলীকৃত কৰিবলৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীক মন্ত্ৰী হাজৰীকাই অনুৰোধ জনায়। তদুপৰি অনুসূচিত জাতিৰ বসতি প্ৰধান অঞ্চলত থকা প্ৰধানমন্ত্ৰীৰ আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত বৰ্তমাৰ ২০ লাখ টকাৰ পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈও মন্ত্ৰী হাজৰীকাই অনুৰোধ জনায়।

আনহাতে মন্ত্ৰী হাজৰীকাই অনুসূচিত জাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা অধিক থকা শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰাবাস/ ছাত্ৰীবাস নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিবলৈ অনুৰোধ জনোৱাত সহাৰি জনাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে তাৎক্ষণিকভাৱে প্ৰস্তাৱ সাজু কৰি কেন্দ্ৰ চৰকাৰলৈ পঠাবলৈ আহ্বান জনায়।

এই বৈঠকতে মন্ত্ৰী পীযুষ হাজৰীকাই কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীক অসম চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত নিজা উদ্যোগত গ্ৰহণ কৰি থকা আদৰ্শ অংগনবাদী কেন্দ্ৰ, মিনি ষ্টেডিয়াম নিৰ্মাণ আদি জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰে।

পৰ্যালোচনা বৈঠকত অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও তেওঁলোকৰ ৰাজ্যসমূহত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে খতিয়ান দাঙি ধৰে।

Leave A Reply