Breaking

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত উপস্থিত বন্দৰ জল জাহাজ তথা আয়ুস মন্ত্রানলয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

0 1,263

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত উপস্থিত হৈছে বন্দৰ জল জাহাজ তথা আয়ুস মন্ত্রানলয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।জিলাখনৰ ইতিহাস প্ৰসিদ্ধ পাথৰিঘাটত উপস্থিত হৈ সাতকুৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই।ইয়াৰ পিছতেই ঐতিহাসিক খটৰা সত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সেৱা আৰু সংকল্প অভিযানৰ এক স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে স্থানীয় সাংসদ গৰাকীয়ে।আনহাতে আগন্তুক উপ নিৰ্বাচনৰ ক্ষেত্ৰত দলৰ সকলো তথ্য ৰাজহুৱা কৰা হব বুলি উল্লেখ কৰে।

Leave A Reply