Breaking

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 87

‘ভাৰতৰ ক্ৰীড়াবিদে চমকপ্ৰদ প্ৰদৰ্শনৰে বৰ্তমান সমগ্ৰ বিশ্বতে উজলি উঠি পদক জয় কৰিবলৈ সক্ষম হৈছে। দেশৰ প্ৰতিবিধ খেলৰ খেলুৱৈয়ে এতিয়া প’ডিয়ামত থিয় হোৱাৰ সফলতাই ভাৰতৰ নতুন প্ৰজন্মৰ দক্ষতাক প্ৰতিফলিত কৰাৰ লগতে যুৱ সমাজৰ মাজত বিশ্বজয় কৰাৰ অনুপ্ৰেৰণাও যোগাই তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীৰ সক্ৰিয় সহযোগিতাত বিশ্ব পেক্ষাপটত ভাৰতৰ গৌৰৱ জাকত জিলিকা ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত আমাৰ ক্ৰীড়াবিদৰ ভূমিকাও অন্যতম।’ এই মন্তব্য জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱালৰ।

নতুন দিল্লীত চলি থকা মহিন্দ্ৰা আই বি এ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত উপস্থিত হৈ সোণোৱালে লগতে কয় যে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই ‘এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়া শান্তীৰ প্ৰাংগন’ গীতেৰে বিশ্বক যি বাৰ্তা দিছিল সেয়া ৭৮ খন দেশৰ প্ৰায় চাৰিশ বক্সাৰে অংশ লোৱা এই প্ৰতিযোগিতাত স্বৰূপাৰ্থত দৃশ্যমান হৈছে। ক্ৰীড়াই যে বন্বুূত্বৰ মাজেৰে মানৱীয় বিশ্বায়নত গুৰুত্বপূণ ভূমিকা ল’ব পাৰে সেই বাৰ্তা ভাৰতৰ পৰা যোৱা বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীজনে।

‘ক্ৰীড়াৰ শক্তি সমগ্ৰ বিশ্বই বুজি পালেই একতা, শান্তি আৰু ভাতৃত্ববোধৰে সমাজৰ পৰা অশান্তিক দুৰ কৰিব পৰা যাব। অস্থিৰ ৰাজনৈতিক পৰিৱেশত এতিয়া বিশ্বই ভাৰতৰ দৰ্শনক অনুকৰন কৰিছে আৰু ভাৰতে বিশ্বক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’ সোণোৱলে লগতে ব্যক্ত কৰে।

তেওঁ প্ৰতিযোগিতাত অংশ লোৱা অসম কন্যা খেলৰত্ন লাভলীনা বৰগোহাঁইক উচ্চ প্ৰশংসা কৰি অলিম্পিক পদক জয়ী বক্সাৰগৰাকীয়ে বিশ্বত ৰাজ্যৰ সুনাম বৃদ্ধি কৰা বুলি কয়। উল্লেখ্য যে চলিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭৫ কিলোগ্ৰাম শাখাত খেলা লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিবলৈ এখোজ দুৰত আছে।

Leave A Reply