Breaking

‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’ উপলক্ষে সামুদ্ৰিক সজাগতা ৱাকাথনৰ ফ্লেগ্অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 70

দেশৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ‘সামুদ্ৰিক সজাগতা ৱাকাথন’ৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটোত উপস্থিত থকা সকলোকে সৰ্বানন্দ সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰে আৰু নাবিক, বন্দৰ কৰ্মী তথা সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত সকলোকে তেওঁলোকৰ দৃঢ়তা, সমৰ্পিত সেৱা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে অভিবাদন জনায়।

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে সামুদ্ৰিক খণ্ডৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয়, “জাহাজ পৰিবহণ খণ্ড হৈছে দেশৰ সমৃদ্ধিৰ জীৱনৰেখাস্বৰূপ আৰু এক ব্যয়সাপেক্ষ, কম খৰচী আৰু দূৰত্ব হ্ৰাস কৰা উত্তম মাধ্যম। সেয়েহে সামুদ্ৰিক তথা জাহাজ পৰিবহণ খণ্ডৰ উত্তৰণত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে, এইটো প্ৰথম ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস যিটো আমি অমৃতকালৰ ভিতৰত উদযাপন কৰি আছোঁ। দেশৰ অমৃতকালত জাহাজ পৰিবহণ তথা সামুদ্ৰিক খণ্ডই আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব।”

তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে,”মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত অমৃতকালৰ ভিতৰত আমাৰ দেশৰ দৃষ্টিভংগী হৈছে যুৱচামৰ বাবে বিভিন্ন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা। তেখেতৰ গতিশীল নেতৃত্বতে আমি মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০ আৰু প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন তথা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ সৈতে ২০৩৫ চনৰ ভিতৰত সাগৰমালাৰ লক্ষ্যত উপনীত হ’বলৈ নিৰৱচ্ছিন্ন কাম কৰি আছোঁ। আমি জাহাজ পৰিবহণ খণ্ডক দ্ৰুতগতিত বিকশিত খণ্ড হিচাপে গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাতে ভাৰত সামুদ্ৰিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব বহন কৰাৰ লগতে সামুদ্ৰিক অৰ্থনীতিৰ মুখ্য বাহক হ’ব পাৰে।”

সামুদ্ৰিক খণ্ডত মহিলা নাবিকসকলে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকা আৰু তেওঁলোকে আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বিশেষকৈ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।

উল্লেখযোগ্য যে, ১৯১৯ চনৰ ৫ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ভাৰতীয় কোম্পানী সিণ্ডিয়া ষ্টীম নেভিগেশ্যন কোম্পানী লিমিটেডৰ এছ এছ লয়েলটী নামৰ জাহাজখনে বাণিজ্যৰ বাবে ভাৰতৰপৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল। সেই ঐতিহাসিক পৰিঘটনাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে প্ৰতি বছৰে ৫ এপ্ৰিলত ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উদযাপন কৰে। ভাৰতীয় অৰ্থনীতিৰ বিকাশত সামুদ্ৰিক বাণিজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু বিশ্ব বাণিজ্যত ইয়াৰ কৌশলগত অৱস্থানৰ দিশত ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসৰ তাৎপৰ্য অত্যন্ত প্ৰাসংগিক আৰু উল্লেখযোগ্য।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নায়েক প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, ৰাষ্ট্ৰীয় শ্বিপিং ব’ৰ্ডৰ বিষয়া আৰু সংশ্লিষ্ট আন বিষয়াসকল তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply