Breaking

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে উচ্চতম ন্যায়ালয়ত ‘আয়ুষ সামগ্রিক সুস্থতা কেন্দ্ৰ’ৰ শুভ উদ্বোধন কৰে

0 31

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচূড়ৰ সৈতে ‘আয়ুষ সামগ্রিক সুস্থতা কেন্দ্ৰ’ৰ শুভ উদ্বোধন কৰে।

এই আয়ুষ সামগ্রিক সুস্থতা কেন্দ্র হৈছে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অধীনত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বেদ প্ৰতিষ্ঠানৰ সক্রিয় অংশগ্ৰহণৰ সৈতে উচ্চতম ন্যায়ালয়ৰ চৌহদত এক অত্যাধুনিক সুবিধা। আয়ুষ আৰু মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাইৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।


এই কেন্দ্ৰটোত সৰ্বভাৰতীয় আয়ুর্বেদ প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ বিষয়ববীয়াসকল তথা অধিবক্তাসকল উপকৃত হ’ব৷ কেন্দ্ৰটোত আয়ুর্বেদ, পঞ্চকৰ্ম আৰু আনুষংগিক চিকিৎসা সেৱা তথা বিশেষজ্ঞৰ পৰামৰ্শ উপলব্ধ হ’ব।

Leave A Reply