Breaking

বিশ্বনাথ নগৰস্থিত কমলাকান্ত নাট্য সমাজত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল:দলীয় সভাত অংশগ্ৰহণ

0 42

কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পাছত প্ৰথম বাৰলৈ বিশ্বনাথত উপস্থিত হ’ল সৰ্বানন্দ সোণোৱাল ৷শুকুৰবাৰে নিশা বিশ্বনাথত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথৰ লেহুগাঁৱৰ নিৱাসী সৰহবৰহী মহিলা প্ৰয়াত সবিতা হাজৰিকা তথা মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়ক তুহিন হাজৰিকাৰ মাতৃৰ বিয়োগৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ উপস্থিত হয়হি ৷পুনৰ আজি বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত এক দলীয় সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পিছত বিশ্বনাথত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথৰ বিজেপি নেতা কৰ্মী সকলৰ লগত দলীয় সভাত অংশ গ্ৰহন কৰাৰ বাবে বিশ্বনাথ জিলা বিজেপি লগতে জিলা বিজেপিৰ অন্তৰ্গত বিভিন্ন সংগঠন,ছাত্ৰ সংগঠন,মহিলা সংগঠন পৌৰ সভা,নগৰ মণ্ডল,গ্ৰাম্য মণ্ডল সকলোয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ফুলাম গামোচা,জাপি,চেলেং, ফুলৰ থোপা ইত্যাদিৰে উষ্ণ আদৰণী জনাই।

ফালে জিলা খনৰ অন্তৰ্গত বিশ্বনাথ,বিহালী,গহপুৰৰ বিধায়ক তথা নেতা সকলে নিজৰ আদৰণী ভাষনত দ্বাৰা প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক।উক্ত কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি মন্ত্ৰীগৰাকীক সংগ দিয়ে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা,চাহ মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ,ৰাজ্যিক বিজেপিৰ সম্পাদক বিপুল ডেকা,অসম ৰাজ্যিক বিজেপিৰ মমিনুল আৱাল,পৰেশ বৰকটকী,ড°ৰঞ্জন গগৈ,বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ সহ ৰাজ্যিক বিজেপিৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে।

Leave A Reply