Breaking

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লে-“নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধা…”

0 79

চলি আছে ৩ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, “তিনিওখন ৰাজ্যতে হ’ব বিজেপিৰ চৰকাৰ”।

সোণোৱালে তিনি ৰাজ্যৰ নিৰ্বাচনী ভোটগণনাৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বিজেপিৰেই চৰকাৰ হ’ব। তেওঁ উল্লেখ কৰা অনুসৰি বিজেপিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত ৯ বছৰত যিমান ভাল কাম কৰিছে, সেয়া উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পাহৰিব নোৱাৰে। নৰেন্দ্ৰ মোডীৰ প্ৰতি মানুহৰ অগাধ বিশ্বাস আৰু শ্ৰদ্ধা আছে।

আনহাতে ২০২৪ ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰিছে। তেওঁ কয় “লোকসভাৰ নিৰ্বাচনতো বিজেপিয়ে ভাল ফলাফল দেখুৱাব। কাৰণ ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাল কৰি কৰি আছে। সেয়ে জনসাধাৰণে বিজেপিক শাসনত থকাটো বিচাৰিছে”।

Leave A Reply