Breaking

ধেমাজিৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰংগ আলাপ

0 49

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ধেমাজি বাণিজ্য মহাবিদ্যালয় প্রেক্ষাগৃহত ধেমাজি বাণিজ্য মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় আৰু মত বিনিময় কৰি তেওঁলোকক উদ্বুদ্ধ কৰে। ছাত্র-ছাত্রীসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে সোণোৱালে।


তেখেতে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয়, “যুৱশক্তি হৈছে মহাশক্তি আৰু দেশৰ এক অন্যতম চালিকাশক্তি। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগন্তুক অমৃতকাল অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ যি দৃঢ় সংকল্প লৈছে, সেই দিশত যুৱশক্তিৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ। সেয়েহে আজিৰ এই অন্তৰংগ আলাপ অনুষ্ঠানৰ জৰিয়তে চেনেহৰ যুৱ শিক্ষার্থী সমাজক মই আহ্বান জনাইছোঁ যাতে সমাজ তথা দেশৰ বাবে অনাগত দিনত তেওঁলোকে জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হৈ উঠে।”


“মাননীয় মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ ৰূপান্তৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে আগুৱাই নিব বিচাৰিছে। বিগত বছৰকেইটিৰ তেখেতৰ কাম- কাজ আৰু দূৰদৰ্শী নেতৃত্বত সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে৷ ২০১৪ চনত যেতিয়া মই সাংসদ হৈছিলোঁ তেতিয়া জোনাইলৈ এখনো ৰে’লৰ ব্যৱস্থা নাছিল, লগতে ব্ৰডগজো নিৰ্মাণ হোৱা নাছিল। কিন্তু আজিৰ তাৰিখত জোনাই, ধেমাজি সংযোগী হোৱাকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে চলা বহুকেইখন ৰে’লৰ ব্যৱস্থা হ’ল। সকলো দিশতে এইধৰণৰ আমূল পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে মোদী ডাঙৰীয়াৰ সদিচ্ছা, সমৰ্পণ আৰু সবল নেতৃত্বৰ বাবেহে। সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এতিয়া পথ পৰিবহণ, বিমান, ৰে’লৱে, জলপথ, তথ্য-প্রযুক্তি আদি বিভিন্ন অত্যাধুনিক নেটৱ’ৰ্কেৰে সুসজ্জিত কৰা হৈছে। আমাৰ চৰকাৰৰ দিনতেই ডিব্ৰুগড়-ধেমাজি সংযোগী বগীবিল দলঙৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰা হ’ল। মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি-সম্ভাৱনাক প্ৰকৃতাৰ্থত হৃদয়ংগম কৰি উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যি ২০১৪ চনৰ পূৰ্বে আমাৰ বাবে অকল্পনীয় আছিল। এতিয়া আমি অৰ্থনৈতিকভাৱে সবল হোৱাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছোঁ। এসময়ত আমাক ৰাজত্ব কৰা ব্ৰিটিছসকলক পিছপেলাই মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে ভাৰতবৰ্ষই এতিয়া বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে। এতিয়া ভাৰত মহাশক্তিধৰ ৰাষ্ট্ৰ হিচাপে জিলিকি উঠিব ধৰিছে । ভাৰতৰ প্ৰতিটো খোজলৈ বিশ্ববাসীয়ে বহু প্রতীক্ষাৰে বাট চাই থাকে। ভাৰতে ক্ৰমান্বয়ে বিশ্বক নেতৃত্ব দিয়াৰ শক্তি বুটলিব ধৰিছে। শেহতীয়াকৈ জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ সভাপতিত্বৰ দায়িত্বই ভাৰতৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে। এই জি-২০ৰ বৈঠক অসমতো অনুষ্ঠিত হৈছে, যিয়ে বহু সম্ভাৱনাৰ দিশ মুকলি কৰিব। সেয়েহে দেশৰ ৰূপান্তৰৰ এই শক্তিশালী যাত্ৰাত সক্রিয় ভূমিকা পালন কৰিবলৈ যুৱচামক মই আন্তৰিকতাৰে আহ্বান জনালোঁ।”

সোণোৱালে লগতে কয়, “শিক্ষাই আমাৰ চকু মুকলি কৰি জ্ঞানৰ পোহৰেৰে আলোকিত কৰে। সেয়েহে শিক্ষা জীৱনৰ সঠিক মূল্যায়ন কৰি শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু গভীৰ অধ্যয়নেৰে জীৱন সজাই তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনালোঁ। ছাত্র- ছাত্রীসকলে সকলো প্ৰত্যাহ্বান নেওচি জীৱনপথত আগুৱাই যাব লাগিব আৰু মহান মনীষীসকলৰ আদৰ্শ অনুকৰণ কৰি নিজৰ জীৱনক গতিশীল কৰি তুলিব লাগিব।”


সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ভাৰতবৰ্ষৰ বুকুত প্রায় ৪০০ মান নদী আছে। অসম তথা উত্তৰ-পূবতো জলৰাশিৰ যথেষ্ট শক্তি-সম্ভাৱনা মজুত আছে। মানুহৰ সভ্যতা-সংস্কৃতি মূলতঃ নদীৰ পাৰ অথবা সাগৰীয় উপকূলক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল। প্রধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেয়েহে আমাৰ দেশৰ জলৰাশিৰ শক্তি-সম্ভাৱনাক উন্নয়নৰ নৱজাগৰণলৈ ৰূপান্তৰিত কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তেখেতৰ মাৰ্গদৰ্শনমৰ্মে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে এই দিশত কেতবোৰ গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। ব্ৰিটিছ যুগত ব্ৰহ্মপুত্ৰয়েদি বেপাৰ-বাণিজ্য আৰু আমদানি-ৰপ্তানিৰ ঐতিহাসিক পটভূমি আছিল। কিন্তু স্বাধীনতাৰ পৰৱৰ্তীকালত জলপথেৰে অৰ্থনৈতিক উন্নয়নৰ দিশটো স্তিমিত হৈ পৰিছিল। মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে এতিয়া গংগাৰপৰা ভাৰত- বাংলাদেশ প্ৰট’কল ৰুট হৈ ব্ৰহ্মপুত্ৰ সংযোগী এই বিশাল জলপথছোৱা উন্মুক্ত হোৱাৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ বুকুতো প্ৰগতি আৰু পৰ্যটনৰ নতুন দিগন্তৰ সূচনা হৈছে। দেশৰ জলপথসমূহ পুনৰুজ্জীৱিতকৰণত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ ফলত ধেমাজিত উৎপাদিত থলুৱা সা-সামগ্রীও এতিয়া ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যোৱাৰ সুযোগ প্রশস্ত হৈছে। শেহতীয়াকৈ পৃথিৱীৰ দীৰ্ঘতম নদী ক্রুজ জাহাজ সেৱা গংগা বিলাসৰ সফল যাত্ৰাই এক নতুন দিগন্তৰ আভাস দিছে। বাৰাণসীৰপৰা যাত্ৰা কৰা গংগা বিলাসে ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে, যাৰদ্বাৰা বিশ্বৰ নদী পৰ্যটনৰ মানচিত্ৰত অসমৰ গুৰুত্বও বৃদ্ধি পাইছে।”


তদুপৰি, আয়ুষৰ গুৰুত্ব বৃদ্ধি সন্দৰ্ভতো সোণোৱালে কয়, “ভাৰতৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ এক সোণালী ইতিহাস আছে। সেয়েহে আয়ুষৰ সম্প্ৰসাৰণত যথেষ্ট গুৰুত্ব দিছে মোদী ডাঙৰীয়াই। তেখেতৰ সবল নেতৃত্বৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথমটো গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰ ভাৰতত স্থাপিত হৈছে। এতিয়া ভাৰতৰ পৰম্পৰাগত ঔষধৰ চাহিদা আৰু জনপ্ৰিয়তা বিশ্বজুৰি বৃদ্ধি হৈছে। ভাৰতৰ আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি কেইবা বিলিয়ন ডলাৰ মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ উপৰি আমাৰ পৰম্পৰাগত ঐতিহ্য-পৰম্পৰাৰ প্ৰতি দায়বদ্ধ হ’বলৈ নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ। তদুপৰি, সুস্থ- সবল জীৱনৰ বাবে যোগক অভিন্ন অংগ কৰি ল’বলৈও সকলোকে আহ্বান জনালোঁ”।

আজিৰ অনুষ্ঠানত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল প্ৰমুখ্যে জিলা উপায়ুক্ত আৰু মহাবিদ্যালয়কেইখনৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

Leave A Reply