Breaking

বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় জনজাতি উন্নয়ন প্ৰৰিক্ৰমা মন্ত্ৰী অৰ্জ্জুন মুন্ডা

0 2,038

ওদালগুৰি জিলা সমিত্ৰ উদ্যোগত ননৈ ছেৰফাং সমষ্টিৰ সৌজনত সমাগত বিধান সভা নিৰ্বাচন বাবে ৬৪ নং পানেৰী বিধান সভাৰ বিজেপি-ইউপিপিএল – এজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী সমৰ্থন ১৯ মাৰ্চ তাৰিখৈ সমষ্টি টোৰ অন্তৰ্গত ওৰাঙ্গাজুলিত এখহ্মনি নিৰ্বাচনী প্ৰচাৰ সভা অনুস্থিত হয। জিলা বৌধিক বিকাশ কোষৰ সহকাৰী সম্মন্ধৰক্ষী বিকন ডেকাই আত ধৰা সভা খমত আমন্ত্ৰিত মুখ্য বক্তা ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন প্ৰৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ঝাৰখন্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অৰ্জ্জুন মুন্ডা , মঙ্গলদৈ লোকসভাৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিটিচি পৰিষদীয় কাৰ্য্যবাহী সদস্য সন্জিত তান্তী আৰু অৰুপ ৰয়, প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ শান্তিয়াছ কুজুৰ, জিলা সভাপতি কাৰ্তিক চম্দ্ৰ বড়ো, ৰাজ্যিক নেতা কিশোৰ উপাধ্যায়, ইউপিপিএল জিলা সদস্য কৃষ্ণ গিৰী, এজেপি প্ৰমোদ হাজৰিকা, সুজিত সৰকাৰ, জৌংশ্ৰা বড়ো, অৰ্জ্জুন দৈমাৰী, জোনমনি শইকীয়াৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী কৰ্মকৰ্তাৰ লগতে অঞ্চলৰ স্থানীয় বহু লোক উপস্থিত থাকে। সভাত জনতাক সম্বোধন কৰি কেন্দ্ৰীয়  মন্ত্ৰী গৰাকীয়ে কয় যে অসমত এইবাৰ আকৌ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত । উল্লেখযোগ্য যে বিগত বৰ্ষ কেইটাত কেন্দ্ৰই অসমত আদিবাসী উন্নয়ন পুঁজিলৈ ৭০০ কোটিতকৈও অধিক ধন আবন্তন কৰাৰ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰন প্ৰক্ৰিয়া চলি আছে  বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । আনহাতে সাংসদ দিলিপ শইকীয়াই সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰা ভাষ্যক কটাক্ষ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা আমেৰিকা, লণ্ডন জাপান সকলোতে যাব পাৰিব কিন্তু হাগ্ৰামা মহিলাৰীৰk বিটিচিত সোমোৱাই কঠিন হৈ পৰিব তেওঁ যদি বেছি দুৰলৈ যাব খোজে অকল বাংলাদেশত হে যাব পাৰিব । লগতে বিটিচি একাংশ যুবকে অস্ত্ৰ তুলি লোৱা কাৰ্য্যক সহজ ভাবে লব পৰা নাই। তেওঁ সেয় সকল যুবকৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে সামাজিক জীবনলৈ ঘুৰি আহিবলৈ আহ্বান জনায়।

Leave A Reply