Breaking

৭ জুনৰ পৰা অসমত আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া!

0 2,102

ৰাজ্যত শেহতীয়াকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু পজিটিভিটি হাৰো ৫ শতাংশৰ তললৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিছে যে, ৭ জুনৰ পৰা অসমত সামান্য আনলকৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া ১৫ জুন পৰ্যন্ত সম্ভৱ নহ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।পৰিস্থিতি উন্নত হোৱালৈ চাই আনলক প্ৰক্ৰিয়াৰ অংশ হিচাপে সান্ধ্য আইন বলৱতৰ সময় ৭ জুনৰ পাছত পিছুৱাই দিব পাৰে বুলি ধাৰণা কৰা হৈছে।

Leave A Reply