Breaking

বিনা বেতনে অৱসৰী শিক্ষাগুৰুক স্ব-গৃহত সম্বৰ্ধনা…

0 1,037

চৰাইদেউ জিলাৰ নিজখালৈঘোগুৰা পঞ্চায়তৰ ১৯৮৪ চনতে স্হাপিত অথচ  প্ৰাদেশিকৰণৰ মুখ নেদেখা এখন বিদ্যালয় হ’ল বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গদেশ্বৰ বৰুৱাই বিনা বেতনে অৱসৰ লোৱাৰ পিছত ৰোগাক্ৰান্ত হৈ পৰাত বিদ্যালয় তৰফে বিদায় সম্বৰ্ধনা জনোৱা নাছিল যদিও আজি ৰোগাক্ৰান্ত শিক্ষাগুৰুজনৰ স্ব-গৃহত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু স্হানীয় ৰাইজ উপস্হিত হৈ ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়।

শিক্ষক লক্ষীপ্ৰসাদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সহকৰ্মী শিক্ষক ক্ৰমে সুৰেশ মহন, মাখন লাহন, জনেশ্বৰ মহন, চৰকজ্যোতি মহন, প্ৰতিভা ফুকন আৰু  যুগলতা বৰুৱাৰ লগতে ২০০১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল উপস্হিত থাকে। সভাত মানপত্ৰ, শৰাই, জাপি আৰু গামোচাৰে শিক্ষকজনক আন্তৰিক সম্বৰ্ধনা জনোৱা হয়। 

Leave A Reply