Breaking

পশ্চিমবংগত ‘The Kerala Story’ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। টিকটৰ বাবে হাহাকাৰ দৰ্শকৰ…

0 45

নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত পশ্চিমবংগত ‘The Kerala Story’এ দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে।
পশ্চিম বংগত ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই দিলে উচ্চতম ন্যায়ালয়ে। ইয়াৰ সমান্তৰালকৈ এই বিতৰ্কিত ছবিখন ৰাজ্যখনৰ একক পৰ্দাৰ চিনেমা হলত প্ৰদৰ্শিত হৈছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত ‘The Kerala Story’ৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যত এই বিতৰ্কিত ছবিখন মুক্তি কৰা হয়। একে সময়তে পশ্চিম বংগৰ থিয়েটাৰ আৰু মাল্টিপ্লেক্সৰ মালিকসকলে কৈছে যে বহু হলত ‘অহা দুসপ্তাহৰ স্লট ভৰি পৰিছে’।খবৰ অনুসৰি হলৰ মালিকসকলে ইতিমধ্যে বুকিং কৰা স্লট বাতিল কৰিব নোৱাৰিব বুলি কয় আৰু দুই-তিনি সপ্তাহৰ পাছত সুদীপ্তো সেনৰ পৰিচালিত ছবিখন প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে।

ইফালে ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ সংকলনৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ ১৮ তাৰিখে ২০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ লগে লগে এই ছবিখন শ্বাহৰুখ খান অভিনীত পাথানৰ পিছত ২০০ কোটিৰ ক্লাবত যোগদান কৰা ২০২৩ চনৰ দ্বিতীয়খন ছবি হিচাপে পৰিগণিত হৈছে। ২০ৰ পৰা ৩০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনৰ অভিলেখ ভংগকাৰী উপাৰ্জনত সন্তুষ্ট নহয় নিৰ্মাতা আৰু তাৰকা অভিনেতা।

Leave A Reply