Breaking

গোলাঘাটৰ আজন্ম শিল্পী সিমেন দাসৰ অকাল বিয়োগ

0 32

“মৃত্যু চিৰন্তন সত্য,যদিও এই মৃত্যু অসহনীয়,অবিস্বাস্য।” গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সাংস্কৃতিক কৰ্মী তথা তোৰণ সম্ৰাট  হিমেন দাসৰ অকাল মৃত্যু।কালি বিয়লি ২.৩৫ বজাত সকলোকে কন্দোৱাই অনন্তধামলৈ গতি কৰিলে এইজনা সৰলমনা আজন্ম শিল্পীয়ে। ৩০ অক্টোবৰত গোলাঘাটৰ কমাৰবন্ধাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিল্পী জনক যোৰহাটৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসাধীন অৱস্থাতেই শিল্পীজনে সকলোকে কন্দুৱাই এই সংসাৰ ত্যাগ কৰে।

গোলাঘাটৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সিমেন দাস এজন সুদক্ষ তবলাবাদক আছিল। লগতে তেখেতৰ হাতৰ পৰশত প্ৰাণ উঠিছিল অসমৰ বিভিন্ন অনুষ্ঠানৰ তোৰণ। তেখেতৰ হাতত প্ৰাণ পোৱা বিভিন্ন আৰ্হিৰ তোৰণ বহু সময়ত বিশেষভাৱে সমাদৃত হৈ আহিছে। ইয়াৰ লগতে তেখেতে এজন সফল চিত্ৰকৰ হিচাপেও খ্যাতি লাভ কৰিছিল। সমান্তৰালকৈ গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াত তেখেতৰ অৱদান সদায় স্মৰণীয়।

উল্লেখযোগ্য যে প্ৰয়াত দাস সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগতো তবলা সংগত কৰিছিল।পিছত জয়ন্ত হাজৰিকাৰ দ্বাৰা গঠন হোৱা সুৰবাহিনীতো দাসে সক্ৰিয়ভাৱে অংশ লৈছিল। তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষভাৱে সম্বৰ্দ্ধিত আৰু পুৰস্কৃত কৰিছিল। শনিবাৰে তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ গোলাঘাটত এক শোকৰ ছাঁ পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা আজন্ম শিল্পী জনৰ আজি গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গোলাঘাটৰ আপোন শিল্পী গৰাকীক গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ প্ৰাংগণত বিভিন্ন দল-সংগঠন আৰু অসংখ্য গুণমুগ্ধই  শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯৬৫ চনত জন্মগ্ৰহণ কৰা দাসে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এই সংসাৰত এৰি থৈ গৈছে। দাসৰ এই মৃত্যু এক অপূৰণীয় ক্ষতি অসমবাসীৰ বাবে।

Leave A Reply