Breaking

নষ্ট হোৱা তবলাত গছ পুলি ৰোপন

0 530

অব্যৱহৃত সামগ্ৰীত গছ ৰোপন কৰাটো কোনো নতুন কথা নহয়। আধুনিক গৃহসজ্জাত এই ধাৰা বৰ প্রচলিত। কিন্তু ব্যৱহাৰ নোহোৱা তবলাত গছ ৰোপন কৰা দেখিছেনে কেতিয়াবা? বিশ্ব পৰিবেশ দিৱসত ঠিক এনে এক ব্যতিক্রম কাম কৰি নিজৰ শিল্পী মনৰ প্ৰমাণ দিলে এগৰাকী শিল্পী পণ্ডিত প্রদ্যুৎ মুখাৰ্জীয়ে (Pradyut Mukherjee)।

কংক্ৰিটৰ ভিৰত হেৰাই গৈছে সেউজীয়া। কিন্তু সেই কথা আপুনি পাহৰিবলৈ বাধ্য হ’ব যেতিয়া আপুনি শিল্পী প্ৰদ্যুত মুখাৰ্জীৰ ঘৰত প্ৰৱেশ কৰিব। কাৰণ, শিল্পীগৰাকীৰ ঘৰৰ ছাদ হওক বা শুৱা ৰুম হওক, সকলোতে সেউজীয়াৰে ভৰি আছে।

শিল্পীজনে বিশ্ব পৰিৱেশ দিৱসত তবলাত গছ ৰোপন কৰি সকলোকে আচৰিত কৰিছিল।

Leave A Reply