Breaking

বিটিচিৰ যমদুৱাৰ সমষ্টিৰ বালাগাঁৱত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ; ডেৰ সহস্ৰাধিকৰ যোগদান

0 49

“বিটিচিত বিপিএফৰ ১৭ বছৰৰ অপশাসনত সৃষ্টি হোৱা হিংসাজৰ্জৰ পৰিৱেশ তথা দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অপসংস্কৃতিৰ অবসান ঘটাই বিটিচিত ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত বিগত প্ৰায় তিনিটা বছৰে বিটিআৰ অঞ্চলত হিংসাৰ পৰিৱেশ নাইকিয়া হৈছে। হিংসামুক্ত সমাজত শিক্ষাৰ প্ৰসাৰ ঘটিছে। আমাৰ চৰকাৰৰ দিনত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অবসান ঘটিছে আৰু সকলো ক্ষেত্ৰত উন্নয়নৰ ধাৰা অব্যাহত আছে। আমাৰ তিনিবছৰীয়া কাৰ্যকালত বিটিআৰৰ যথেষ্ট উন্নয়ন হৈছে আৰু সমাজত শান্তি প্ৰতিষ্ঠা হৈছে। পূৰ্বৰ শাসক দলৰ লগত তুলনা কৰি আমাৰ দলক ভাল পাই এতিয়া ৰাইজে দলে দলে ইউপিপিএল দললৈ ঢাপলি মেলিছে।” এই ভাষ্য ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ।

তেওঁ শনিবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা তথা বিটিচিৰ যমদুৱাৰ সমষ্টিৰ বালাগাঁৱত অনুষ্ঠিত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহত মুখ্য অতিথিৰ ভাষণত আৰু কয় “কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজক আমি এইবেলি এজন কৰ্মদ্যোমী আৰু জনদৰদী সাংসদ উপহাৰ দিম। বিগত দহটা বছৰে প্ৰতিনিধিত্ব কৰা অকৰ্মণ্য সাংসদৰ পৰা কোকৰাঝাৰ সমষ্টি আমি উদ্ধাৰ কৰিম। এই লক্ষ্য সফল কৰাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সমৰ্থন আমাৰ মিত্ৰজোঁটৰ প্ৰতি আছে। দুই লক্ষাধিক ভোটত আমি কোকৰাঝাৰ সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাম”।

ইউপিপিএল দলৰ যমদুৱাৰ ব্লক সমিতিৰ উদ্যোগত আয়োজিত যোগদান সমাৰোহত বিভিন্ন দলৰ পৰা ১৬০০ পুৰুষ-মহিলাই ইউপিপিএল দলত যোগদান কৰে। নতুনকৈ দলত যোগদান কৰা সকলক ইউপিপিএল দলৰ নেতা সকলে ফুলাম গামোচা আৰু দলৰ প্ৰতিক সম্বলিত গামোচা পিন্ধাই আদৰি লয়।

উক্ত যোগদান সমাৰোহত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ইউলছন হাছদা, ড৹ নিলুৎ স্বৰ্গীয়াৰী, ৰেওৰেওৱা নাৰ্জিহাৰী, উকীল মুছাহাৰী, গোসাঁইগাঁও জিলা ইউপিপিএলৰ সভাপতি অনিন্দ্য বসুমতাৰী, উপ সভাপতি লোকনাথ নাৰ্জাৰী, দলৰ অ’বিচি কোষৰ সভাপতি খ্ৰীষ্টম টুডু আদি নেতৃবৰ্গই নতুনকৈ দলটোত যোগদান কৰা সকলক দলৰ নীতি- আদৰ্শ মতে কাম কৰি দলটোক অধিক জনপ্ৰিয় আৰু শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়।

Leave A Reply