Breaking

কাপোৰক লৈ বিপদত উৰ্ফি জাভেদ ! ‘শ্মশানতো স্থান নাপাব উৰ্ফিয়ে’ – ফৈজান আনছাৰী

0 99

উৰ্ফি জাভেদৰ বিৰুদ্ধে জাৰি কৰা হৈছে ফাতৱা। এই ফাতৱাত কোৱা হৈছে যে উৰ্ফীয়ে মৃত্যুৰ পিছত শ্মশানত স্থান নাপাব। ইয়াৰ আগতেও বহুতে উৰ্ফিৰ কাপোৰক লৈ আপত্তি কৰিছে, কেতিয়াবা উৰ্ফিয়ে এনেকুৱা কাপোৰ পিন্ধে যি দেখি দৰ্শকে চকু মুদি দিয়ে। কিন্তু এতিয়া উৰ্ফিৰ কাপোৰ নিজৰ বাবে সমস্যা হৈ পৰিছে। শেহতীয়াকৈ উৰ্ফি জাভেদৰ বিৰুদ্ধে ফাতৱা জাৰি কৰা হৈছে। এই ফাতৱা জাৰি কৰিছে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ফৈজান আনছাৰীয়ে। এই ফাতৱাত কোৱা হৈছে যে উৰ্ফি জাভেদৰ মৃত্যু হ’লে তেওঁ শ্মশানতো স্থান নাপাব।

উৰ্ফি জাভেদক লৈ জুহুৰ কবৰস্থানত ফৈজান আনছাৰীয়ে আবেদন দাখিল কৰিছে। ইয়াৰ লগতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ‘উৰ্ফি জাভেদৰ বিৰুদ্ধে ফাতৱা জাৰি কৰা হৈছে’। তেওঁ কয় যে যেতিয়াই কোনোবাই কয় মছলমান ছোৱালী এগৰাকী উলংগ হৈ ঘূৰি ফুৰিছে, তেতিয়াই তেওঁৰ লাজ লাগে। উৰ্ফীয়ে ইছলামক অপমান কৰিছে। উৰ্ফিৰ মৃত্যু হ’লে তেওঁক শ্মশানত স্থান দিয়া নহ’ব।

ইয়াৰ সমান্তৰালকৈ ফৈজান আনছাৰীয়ে কয় যে- ‘উৰ্ফি জাভেদে যি ধৰণৰ কাপোৰ পিন্ধিছে, সেই ধৰণৰ কাপোৰে সমগ্ৰ বিশ্বতে মুছলমানক বদনাম কৰিছে। যদি তাই কয় যে তাই ইছলাম বিশ্বাস নকৰে, তেন্তে তেওঁৰ নাম সলনি কৰক। কিন্তু ধৰ্মৰ ক্ষেত্ৰতো উৰ্ফীয়ে সকলো সীমা অতিক্ৰম কৰিছে।

ফৈজান আনছাৰীয়ে কয় যে উৰ্ফীয়ে নিজেই সাক্ষাৎকাৰত বহুবাৰ কৈছে যে তেওঁ ইছলামক বিশ্বাস নকৰে। উৰ্ফিৰ বিৰুদ্ধে ফাতোৱা জাৰি কৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে এজন নেতাই উৰ্ফিৰ কাপোৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীক অভিযোগ দিছিল। আনকি যিমান পাৰি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইয়াৰ পিছত উৰ্ফীয়েও তেওঁৰ সুৰক্ষাৰ বাবে আবেদন জনাইছিল।

Leave A Reply