Breaking

আইফেল টাৱাৰত জন্মদিন উদযাপন উৰ্বশী ৰাউটেলাৰ, উৰ্বশীক জন্মদিনৰ শুভেচ্ছা জনালে ঋষভ পন্তে…

0 86

আজি বি-টাউনৰ বিখ্যাত অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ জন্মদিন। উৰ্বশীৰ জন্মদিন উপলক্ষে আমি আপোনালোকৰ বাবে লৈ আহিছো উৰ্বশীৰ সুন্দৰ ফটো আৰু ভিডিঅ’।

উৰ্বশী ৰাউটেলাৰ সৌন্দৰ্য্যৰ বাবে সুপৰিচিত। দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা উৰ্বশী ৰাউটেলাৰ ছবি আৰু ভিডিঅ’ক লৈ চৰ্চাৰ বিষয় হৈয়েই আছে। ২৫ ফেব্ৰুৱাৰীত উৰ্বশীৰ ২৯ সংখ্যক জন্মদিন।উৰ্বশী ৰাউটেলাই ২৯ সংখ্যক জন্মদিন আইফেল টাৱাৰত পালন কৰে।

আচলতে জন্মদিনৰ বিশেষ উপলক্ষে উৰ্বশী ৰাউটেলাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শেহতীয়া ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰামত উৰ্বশী ৰাউটেলাৰ জন্মদিনৰ কেক দেখা পোৱা গৈছে।হাতত ফুলৰ থোপা আৰু মুখত এটা ধুনীয়া হাঁহি লৈ উৰ্বশীয়ে নিজৰ চেহেৰাটোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছ’চিয়েল মিডিয়াত উৰ্বশী ৰাউটেলাৰ ফটোখনত বহুতে লাইক আৰু কমেন্ট কৰিছে।

উৰ্বশী ৰাউটেলাক দেখা যাব ‘কান্তৰা ২’ত।

কিছুদিন পূৰ্বে উৰ্বশী ৰাউটেলাই ইনষ্টাগ্ৰামত চাউথ চিনেমাৰ ছুপাৰষ্টাৰ ঋষব শ্বেট্টীৰ সৈতে শেহতীয়া ছবিখন শ্বেয়াৰ কৰিছিল। এই ফটোখনৰ সৈতে উৰ্বশী ৰাউটেলাই লিখিছে যে- ‘কান্তৰা ২ লোডিং।’ উৰ্বশীৰ এই পোষ্টটোৰ পিছত জল্পনা-কল্পনা আৰম্ভ হৈছে যে উৰ্বশী ৰাউটেলাক ঋষভ শ্বেট্টী অভিনীত ছবি ‘কান্তৰা ২’ত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব পাৰে।

Leave A Reply